আজি মুক্তি দিয়া হ’ব জুবিন গাৰ্গৰ “এটি নহয়, দুটি নহয়” শীৰ্ষক গীতটো। গীতটো মুকলি কৰিবলৈ জুবিনক্ষেত্ৰত উপস্থিত হৈছে অংগৰাগ পাপন মহন্ত।
জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই জুবিন দিৱস উদযাপনৰ অংশ হিচাপে ১৯ ছেপ্টেম্বৰত সংগীতৰ মহীৰূহ জুবিন গাৰ্গৰ সৈতে থকা এটা অপ্ৰকাশিত গীত মুকলি কৰিছে।
জুবিন গাৰ্গৰ ‘চিলা’ এলবামৰ অন্তৰ্গত “এটি নহয়, দুটি নহয়” শীৰ্ষক গীতটো মুকলি কৰা হ’ব। পএই গীতটো উন্মোচন কৰাৰ বাবে জুবিনক্ষেত্ৰত উপস্থিত হয় অংগৰাগ পাপন মহন্ত। এই গীত মুকলি অনুষ্ঠানত গায়িকা মঞ্জ্যোৎস্না মহন্ত গোস্বামী আৰু চলচ্চিত্ৰ নিৰ্মাতা ৰাজেশ ভূঞা উপস্থিত থকাৰ সম্ভাৱনা আছে।
গীতটো মুকলিৰ বাবে জুবিনক্ষেত্ৰত সেমেকা চকুৰে উপস্থিত হৈ অংগৰাগ মহন্তই কয় যে, গানটো আমি সকলোৱে শুনিলো । গানটো শুনি আমি সকলো আচৰিত হৈছো। গীতটো জুবিন দ্বাদশ শ্ৰেণীত থাকোতেই পৰিচালনা কৰা। সেইটো বয়সত এনেকুৱা গান পৰিচালনা কৰাটো বহুত ডাঙৰ কথা। গীতটোত পুৰণি দিনৰ সুবাস এটা বিচাৰি পোৱা গৈছে। গীতটো সেই সময়ত মুক্তি নোপোৱাটো আমাৰ বাবে সৌভাগ্য। মানুহে এতিয়া জুবিনৰ কণ্ঠটো মিছ কৰিব। এই সময়ত গীতটো আমাৰ বাবে উপহাৰ হিচাপে হৈছে।
অংগৰাগ পাপন মহন্ত লগতে কয় যে, জুবিনৰ আৰু বহু গান শীঘ্ৰেই মুক্তি লাভ কৰিব। সেই সমগ্ৰ অসমবাসীৰ বাবে যথেষ্ট ভাল কথা। গীতটোৰ অনুভৱ বোৰ অলপ সুকীয়া। জুবিনৰ ৰৈ যোৱা গীত সমূহ মুক্তি দিয়াৰ এই প্ৰচেষ্টাটোৰ বাবে টীমটোক অশেষ ধন্যবাদ।
লগতে পঢ়ক: “জুবিনক জাতীয় জীৱনৰ এজন মহান ব্যক্তি হিচাপে স্মৰণ কৰিব লাগে”; মুখ্যমন্ত্ৰী
