প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি দিৱস উপলক্ষে গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ৰক্তদান কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
প্ৰয়াত সংগীতশিল্পী জুবিন গাৰ্গৰ স্মৃতি দিৱস উপলক্ষে ১৯ ছেপ্টেম্বৰত গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজিত এক ৰক্তদান শিবিৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।
মুখ্যমন্ত্ৰী গৰাকীয়ে দলীয় কাৰ্যালয়ত উপস্থিত হৈ প্ৰয়াত শিল্পীগৰাকীৰ স্মৰণত বিজেপি কৰ্মীসকলে ৰাজ্যজুৰি গ্ৰহণ কৰা এই উদ্যোগৰ অংশস্বৰূপে ৰক্তদান কৰে। এই কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তৰ উপৰিও দলৰ কেইবাজনো কৰ্মী উপস্থিত থাকে।
জুবিন গাৰ্গৰ স্মৰণত ১৯ ছেপ্টেম্বৰত সমগ্ৰ অসমতে বিজেপি কৰ্মীসকলে ৰক্তদান শিবিৰৰ আয়োজন কৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে পূৰ্বে ঘোষণা কৰিছিল। ৰক্তদান কৰি মূখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু দিৱস। ভাৰতীয় জনতা পাৰ্টি আৰু দলৰ কাৰ্যকৰ্তা সকলে মৃত্যু দিৱসৰ দিনটোত ৰক্তদান কাৰ্যসূচী পালন কৰিছে। দলৰ কেইবাগৰাকী জ্যেষ্ঠ ব্যক্তি আৰু কাৰ্যকৰ্তাই ইতিমধ্যে ৰক্তদান কৰিলে। শিল্পী গৰাকীৰ স্মৃতিত আজি সমগ্ৰ অসমতে আমাৰ কাৰ্যকৰ্তা সকলে এই কাৰ্যসূচী গ্ৰহণ কৰিছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, জীৱিত কালৰ জুবিন গাৰ্গৰ লগত আমাৰ সকলোৰে সম্পৰ্ক অতি ঘনিষ্ঠ আছিল অসমৰ সংগীত জগতলৈ তেখেতৰ সাগৰ সমান বৰঙণী আছিলে। কৃতজ্ঞ অসমীয়া জাতিয়ে সদায় তেওঁক সোঁৱৰণ কৰিব। জুবিন গাৰ্গৰ যিবোৰ ইতিবাচক দিশ যেনে অভিনয়, সংগীত, মানৱ সেৱা এইবোৰক আজিৰ দিনটোত আমি সকলোৱে স্মৰণ কৰিব লাগে। জুবিন গাৰ্গক এটি ইতিবাচ চিন্তা আৰু অসমীয়া জাতিক ভালপোৱা, জাতীয় জীৱনৰ এজন মহান ব্যক্তি হিচাপে স্মৰণ কৰিব লাগে।
লগতে পঢ়ক: Miss you, Zubeen! জুবিন গাৰ্গক সুঁৱৰি মুখ্যমন্ত্ৰীৰ আৱেগিক পোষ্ট
