‘মই যদি তোমাক স্বর্গত দেখো…’ মৃত্যুৰ এদিন পূৰ্বে ১৮ ছেপ্টেম্বৰ, ছিংগাপুৰত জীৱনৰ শেষৰটো গীতটি গাইছিল হিয়াৰ আমঠু জুবিন গাৰ্গে।
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰৰ পৰা শূন্যতাই বিৰাজ কৰিছিল অসমত। সেই দিনটোতেই কোনো দিন উভতি নহাৰ বাটেৰে গুচি গৈছিল সকলোৰে মৰমৰ জুবিন গাৰ্গ। ১৭ ছেপ্টেম্বৰৰ দিনা হাঁহি ছিংগাপুৰলৈ বুলি উৰা মাৰিছিল জুবিন গাৰ্গ।
মৃত্যুৰ এদিন পূৰ্বে ১৮ ছেপ্টেম্বৰ, ছিংগাপুৰত জীৱনৰ শেষৰটো গীতটি গাইছিল হাৰ্টথ্ৰব গৰাকীয়ে। ছিংগাপুৰত ১৮ ছেপ্টেম্বৰৰ নিশা তাত উপস্থিত হৈ জুবিন গাৰ্গে কৈছিল মোৰ নাম জুবিন গাৰ্গ, মই অসমৰ। তাৰ পিছত হাঁহি তামাছাৰে তেওঁৰ কণ্ঠৰে নিগৰিছিল ‘Tears In Heaven’। মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে গাইছিল, ‘‘Would you know my name, if I saw you in heaven, Would you it be the same, if I saw you in heaven”। এৰিক ক্লেপ্টন আৰু উইল জেনিংছে লিখা ‘টিয়াৰ্চ ইন হেভেন’ (Tears in Heaven) এই গীতটিকেই শেষ বাৰৰ বাবে কণ্ঠ নিগৰাইছিল জুবিন গাৰ্গে।
যদি অসমীয়াত তেওঁ গোৱা গীতৰ অৰ্থ চোৱা হয় তেন্তে তেওঁ শেষ নিশা গাইছিল, ‘‘মই যদি তোমাক স্বর্গত দেখো, তুমি মোৰ নামটো ক’ব পাৰিবানে, মই যদি তোমাক স্বর্গত দেখো, সকলো একেই থাকিবনে?’’
এৰিক ক্লেপ্টনৰ এই গীতটিৰ শেষৰ কেইশাৰীত লিখা ‘‘Beyond the door there is peace I am sure, And I know there will be no tears in heaven’’, অৰ্থাৎ ‘‘দুৱাৰৰ সিপাৰে শান্তি আছে মই নিশ্চিত, আৰু মই জানোঁ, স্বৰ্গত আৰু কোনো চকুলোঁ নাথাকে।’’
মৃত্যুৰ এদিন পূৰ্বে জুবিন গাৰ্গে গোৱা এই গীতটো কাকতলীয়ভাৱে তেওঁৰ সৈতে মিলি গৈছিল।
লগতে পঢ়ক: Miss you, Zubeen! জুবিন গাৰ্গক সুঁৱৰি মুখ্যমন্ত্ৰীৰ আৱেগিক পোষ্ট
