এক শক্তিশালী ভূমিকম্পই কঁপাই যায় ৰাজ্যৰ ভিন্ন প্ৰান্ত
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। শনিবাৰে বিয়লি এক শক্তিশালী ভূমিকম্পই কঁপাই যায় ৰাজ্যৰ ভিন্ন প্ৰান্ত। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত অনুভূত হয় জোকাৰণি (Assam Erathquake 2026)।
৪.০১ বজাত অনুভূত হোৱা এই ভূমিকম্পৰ ৪.২ প্ৰাবল্যৰ আছিল বুলি জানিব পৰা গৈছে।
এই ভূমিকম্পৰ অভিকেন্দ্ৰ ভূটানত আছিল বুলি জানিব পৰা গৈছে। টাৱাঙৰ পৰা দক্ষিণ-পশ্চিম দিশত ৭৭ কিলোমিটাৰ নিলগত আৰু ভূপৃষ্ঠৰ ৫ কিলোমিটাৰ গভীৰত এই ভূমিকম্পৰ অভিকেন্দ্ৰ। ভূমিকম্পৰ ফলত জনসাধাৰণৰ মাজত কিছু পৰিমাণে আতংকময় পৰিৱেশৰ সৃষ্টি হয়।
লগতে পঢ়ক: “জুবিনক জাতীয় জীৱনৰ এজন মহান ব্যক্তি হিচাপে স্মৰণ কৰিব লাগে”; মুখ্যমন্ত্ৰী
