Voice of Eastern India

এফালৰ পৰা ভাঙি পেলোৱা হ’ল বেদখলকাৰীৰ ঘৰ


পুৱাই গোৱালপাৰাৰ কৃষ্ণাইত চলিল প্ৰশাসনৰ উচ্ছেদ। হাহাকাৰ বেদখলকাৰীৰ।

পুৱাতেই বৃহৎ আৰক্ষী বাহিনী লৈ গোৱালপাৰাৰ কৃষ্ণাইত প্ৰশাসনৰ উচ্ছেদ। গোৱালপাৰা জিলা প্ৰশাসনে সোমবাৰে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ কৰে। এই অভিযানত কৃষ্ণাইৰ অধীনস্থ পাঁচখন ৰাজহ গাঁৱত কৃষিভূমিত অনুমতি অবিহনে নিৰ্মাণ কৰা বুলি অভিযোগ উঠা ৭৩টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলোৱা হয় (Goalpara eviction drive)।

এই অভিযানৰ জৰিয়তে জিলাখনত পূৰ্বে চলোৱা বনভূমিৰ বেদখলবিৰোধী উচ্ছেদ অভিযানৰ পৰা এক নতুন দিশলৈ পৰিৱৰ্তন ঘটিল (Assam eviction drive)।

এইবাৰ প্ৰশাসনে কৃষিভূমিত গঢ় লৈ উঠা বুলি কোৱা বসতিসমূহক লক্ষ্য কৰি অভিযান চলায়। প্ৰশাসনৰ মতে, এই বসতিসমূহে “জলাশয় আৰু প্ৰাকৃতিক পানী নিষ্কাশন ব্যৱস্থা বাধাগ্ৰস্ত কৰি আহিছে”।

মাটিয়া ৰাজহ চক্ৰ বিষয়াই বাসিন্দাসকলক জাননী জাৰি কৰাৰ এদিন পিছতে খৰিজা পাইকান, খামাৰ মানিকপুৰ, ভোজমালা দ্বিতীয় খণ্ড, জাতশৰবাৰী আৰু টেঙাবাৰী অঞ্চলত এই উচ্ছেদ অভিযান চলোৱা হয় (Goalpara eviction news)।

গোৱালপাৰা জিলাৰ আয়ুক্ত প্ৰদীপ টিমুঙে কয় যে, কৃষিভূমি, জলাশয় আৰু প্ৰাকৃতিক পানী নিষ্কাশন ব্যৱস্থাসমূহ সুৰক্ষিত কৰাই প্ৰশাসনৰ মূল উদ্দেশ্য। তেওঁৰ মতে, অননুমোদিত বসতি স্থাপনৰ ফলত এই সম্পদসমূহৰ ওপৰত ক্ৰমাৎ চাপ বৃদ্ধি পাইছে।

ইফালে উচ্ছেদস্থলীত কোনো অপ্ৰিতীকৰ পৰিস্থিতিৰ সৃষ্টি নহ’বলৈ বৃহৎ আৰক্ষীবাহিনী মোতায়েন কৰা হয়। শনিবাৰে গোৱালপাৰা জিলা প্ৰশাসনে বেদখলকাৰীক জাৰি কৰিছিল জাননী।

লগতে পঢ়ক: ডিব্ৰুগড়ত স্থাপন হ’ব অত্যাধুনিক বন্যপ্ৰাণী ছাফাৰী-উদ্ধাৰ কেন্দ্ৰ



Source link

Leave A Reply

Your email address will not be published.