Voice of Eastern India

নতুন ৰূপত আহিব খেল মহাৰণ ৩.০


৩০০ ক্ৰীড়া প্ৰতিভা বিচাৰিব চৰকাৰে, নতুন ৰূপত খেল মহাৰণ ৩.০

অসম কেবিনেটে নতুন ৰূপত খেল মহাৰণ ৩.০ অনুষ্ঠিত কৰাৰ অনুমোদন জনাইছে। নতুন ৰূপত এই ক্ৰীড়া প্ৰতিযোগিতাখন বয়সৰ ভিত্তিত দুটা পৃথক শাখাত অনুষ্ঠিত কৰা হ’ব। অহা ৭ নৱেম্বৰৰ পৰা এই প্ৰতিযোগিতা আৰম্ভ হ’ব (Assam Khel Maharan)।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি, ১২ বছৰৰ তলৰ খেলুৱৈসকলৰ বাবে ‘শৈশৱ ক্ৰীড়া সমাৰোহ’ অনুষ্ঠিত কৰা হ’ব। আনহাতে, ১২ বছৰৰ ঊৰ্ধ্বৰ অংশগ্ৰহণকাৰীসকলৰ বাবে ‘খেল মহাৰণ’ অনুষ্ঠিত হ’ব (Shoishab Krida Samaroh)।

‘শৈশৱ ক্ৰীড়া সমাৰোহ’ৰ জৰিয়তে সমগ্ৰ ৰাজ্যৰ সম্ভাৱনাপূৰ্ণ যুৱ ক্ৰীড়া প্ৰতিভা চিনাক্ত কৰাত গুৰুত্ব দিয়া হ’ব। এই পদক্ষেপৰ অধীনত চৰকাৰে ৩০০ গৰাকী সম্ভাৱনাপূৰ্ণ খেলুৱৈক চিনাক্ত কৰি তেওঁলোকক সুসংগঠিত প্ৰশিক্ষণ আৰু প্ৰয়োজনীয় সুবিধা প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে, যাতে তেওঁলোকে নিজ নিজ ক্ৰীড়া শাখাত দক্ষতা বিকাশ কৰি উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াব পাৰে।

নতুন ৰূপৰ এই প্ৰতিযোগিতাত এথলেটিকছ, যোগাসন, দবা, বক্সিং, একুৱাথলন, ফুটবল, ভলীবল আৰু সাঁতোৰ– এই ৮টা ক্ৰীড়া শাখা অন্তৰ্ভুক্ত কৰা হ’ব।

ইয়াৰ উপৰি, কেবিনেটে ২০২৫–২৬ শিক্ষাবৰ্ষত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া চাইকেল বিতৰণৰ বাবে ১০৯.৩৮ কোটি টকা অনুমোদন কৰিছে।

লগতে পঢ়ক: গুৱাহাটী বিশ্ববিদ্যালয়ত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন



Source link

Leave A Reply

Your email address will not be published.