Voice of Eastern India

‘আৰক্ষীৰ গুলীত নহয় দুৰ্ঘটনাত মৃত্যু হৈছিল ৰামানুজৰ’


ৰামানুজ গোস্বামীৰ মৃত্যুক লৈ GMCH ৰ অধীক্ষক দেৱজিত চোধুৰীয়ে এক মন্তব্য কৰিছে। আৰক্ষীৰ গুলীত নহয় দুৰ্ঘটনাত মৃত্যু হৈছে ৰামানুজৰ।

আৰক্ষীৰ এনকাউন্টাৰত নহয় দুৰ্ঘটনাত হে মৃত্যু হৈছিল পত্নীহত্যাকাৰী ৰামানুজ গোস্বামীৰ। GMCH ৰ অধীক্ষক দেৱজিত চোধুৰীয়ে স্পষ্ট কৰিলে ৰামানুজ গোস্বামীৰ মৃত্যুৰ কাৰণ। অধীক্ষক গৰাকীয়ে কয় যে, ৰামানুজৰ দেহত কোনো গুলীৰ আঘাত নাই।

পুৱতি নিশা প্ৰায় ৩.৪১ বজাত GMCH লৈ ৰামানুজ গোস্বামীক পথ দুৰ্ঘটনাৰ বাবে লৈ অনা হৈছিল। যিসমূহ পৰীক্ষা কৰি হৈছিল সকলো কৰি তেওঁক মৃত বুলি জানিব পৰা গ’ল। বাকী সকলো কথা মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে সকলো স্পষ্ট হ’ব।কিন্তু GMCH লৈ অনাৰ পূৰ্বেই মৃত্যু হৈছিল ৰামানুজ গোস্বামীৰ।

লগতে পঢ়ক: আৰক্ষীৰ গুলিত নিহত পত্নীহত্যাকাৰী ৰামানুজ গোস্বামী



Source link

Leave A Reply

Your email address will not be published.