আগন্তুক ২৪ ঘন্টাৰ ভিতৰত হ’ব ধাৰাষাৰ বৰষুণ! নামনি অসমৰ বৰপেটা জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট।
ৰাজ্যৰ কেইবাখনো জিলাত বিজুলী-ঢেৰেকনিৰ সৈতে ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে। উজনি অসমৰ শিৱসাগৰ, যোৰহাটত বতৰে পুনৰ কালৰূপ লোৱাৰ সম্ভাৱনা আছে। আগন্তুক ২৪ ঘন্টাৰ ভিতৰত মুষলধাৰ বৰষুণৰ সম্ভাৱনা আছে এইকেইখন জিলাত (Heavy Rain Assam)।
সমান্তৰালকৈ ৰাজ্যৰ ২৭ খন জিলালৈ জাৰি কৰা হৈছে য়েল্ল এলাৰ্ট। বৰষুণৰ লগতে প্ৰচণ্ড গাজনি, ঢেৰেকনিৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে। কামৰূপ(মহানগৰ), নলবাৰী, বজালী, বাক্সা, তামুলপুৰ, ওদালগুৰি, দৰং, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, হোজাই, ডিমা-হাচাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, মাজুলী জিলালৈ জাৰি কৰা হৈছে য়েল্ল এলাৰ্ট।
ইফালে নামনি অসমৰ বৰপেটা জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট।
লগতে পঢ়ক: পথ দুৰ্ঘটনাই কাঢ়ি নিলে চলচ্চিত্ৰ পৰিচালক নিমানন্দ দাসক
