প্ৰচণ্ড ধুমুহা-বৰষুণত আতংকময় পৰিৱেশ
নামনি অসমত নিশা প্ৰচণ্ড ধুমুহা-বৰষুণ। দেওবাৰে সন্ধিয়া পৰ্বতঝোৰাত ধুমুহা-বৰষুণে তাণ্ডৱ সৃষ্টি কৰে। পৰ্বতঝোৰাৰ কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত হঠাৎ অহা ধুমুহা আৰু ধাৰাসাৰ বৰষুণে সৃষ্টি কৰে তাণ্ডৱ (Lower Assam Heavy Rain)।
বহু লোকৰ ঘৰ-দুৱাৰ উৰুৱাই নিলে ধুমুহাই। প্ৰচণ্ড ধুমুহা-বৰষুণত ব্যাহত বিদ্যুৎ যোগান। অন্ধকাৰত ডুব গৈছে বৃহত্তৰ অঞ্চল (Parbatjhora Heavy Rain)।
খুটাবাগৰা, দেৱীতোলা, মদাতি আদি অঞ্চলক সন্ধিয়াৰ ভাগৰ পৰা ধাৰাসাৰ বৰষুণৰ লগতে প্ৰচণ্ড বতাহে কোবাই যায়। ধুমুহাৰ ফলত কেইবাঠাইতো গছ-গছনি ভাঙি পৰাৰ খবৰ পোৱা গৈছে।
হঠাৎ অহা ধুমুহা-বৰষুণৰ ফলত অঞ্চলবাসীৰ মাজত সৃষ্টি হয় আতংকময় পৰিৱেশৰ। বহু ঠাইত পথৰ ওপৰত গছৰ ডাল ভাগি পৰি যাতায়াততো ব্যাঘাত জন্মাৰ আশংকাই দেখা দিছে।
লগতে পঢ়ক: আগন্তুক ২৪ ঘন্টাৰ ভিতৰত হ’ব মুষলধাৰ বৰষুণ!
