দেওবাৰৰ দুৰ্ঘটনাটোক লৈ সোমবাৰে সোণাপুৰত শ শ স্থানীয় লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে ভাঙিলে টোলগেটৰ সামগ্ৰী।
দেওবাৰৰ নিশা ক্ষেত্ৰীত যি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল তাৰ পাছতেই সোণাপুৰৰ টোলগেটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সোমবাৰে দিনত শ শ প্ৰতিবাদকাৰী ওলাই আহি ভাঙিলে টোলগেটৰ সামগ্ৰী।
সোণাপুৰৰ টোলগেটৰ সুমখত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। টোল টেক্স নিদিয়াকৈয়ে সকলো যান-বাহন চলাচল কৰিছে। উত্তপ্ত পৰিস্থিতৰ পিছতেই ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ শীৰ্ষ বিষয়া। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বয়েও আজি পৰিদৰ্শন কৰিব ।
লগতে পঢ়ক: আগন্তুক ২৪ ঘন্টাৰ ভিতৰত হ’ব মুষলধাৰ বৰষুণ!
