কইনাধৰাত অসম-মেঘালয়ৰ শেহতীয়া সংঘাতক লৈ গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত কেইবাটাও ডাঙৰ ঘোষণা।
মেঘালয়ৰ ঘটনাক লৈ দুই ৰাজ্যৰ মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকৰ অন্তত কইনাধৰাৰ পৰা সংবাদমেল সম্বোধন কৰে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা তথা উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এছ ধৰে। সংবাদমেলত বৈঠকত গ্ৰহণ কৰা কেইবহাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱগত কৰে দুয়োগৰাকী মন্ত্ৰীয়ে (Shillong violence)।
সংবাদমেলত সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ মেঘালয় চৰকাৰৰ। ১৯ আগষ্টত সংঘটিত হোৱা ঘটনাক লৈ দুখ প্ৰকাশ চুবুৰীয়া ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীয়ে। তেওঁ ঘটনাত ঘটনাত জড়িতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে (Assam Meghalaya tension)।
তেওঁ এই হিংসাত্মক ঘটনাত জড়িত দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে। লগতে দোষীৰ বিৰুদ্ধে ১৫টাকৈ গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে। লগতে ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নঘটে তাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মেঘালয় চৰকাৰে আশ্বাস দিয়ে (Assam Meghalaya meeting)।
মেঘালয়ৰ উপমুখ্যমন্ত্ৰী এছ ধৰে এই ঘটনাৰ তদন্তৰ বাবে SIT গঠন কৰা হৈছে বুলি উল্লেখ কৰে। লগতে ৩হাজাৰ বাহন অসমলৈ উভতাই অনা হৈছে । আৱদ্ধ হৈ থকা সকলক ৪৮ ঘন্টাৰ ভিতৰত উপযুক্ত নিৰাপত্তাৰ বাবে উভতাই অনা হ’ব বুলি উল্লেখ কৰে তেওঁ।
আৱদ্ধ পৰ্যটকৰ নিৰাপত্তাৰ সম্পূৰ্ণ দায়িত্ব মেঘালয় চৰকাৰে লৈছে বুলি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইফালে আৱদ্ধ লোকৰ সন্ধানৰ বাবে অনলাইন সক্ৰিয় মঞ্চ গঠন কৰা হৈছে।
সংবাদমেলত জনোৱা হয় যে- হিংসাত্মক কাৰ্যত জড়িত লোকক চিনাক্ত কৰা হৈছে। মাস্ক পৰিহিত ৫জনক চিনাক্ত, ঘটনাত জড়িত KSUৰ ৩ ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰা হৈছে।
ইফালে এই জঘন্য আক্ৰমণত বাহনসমূহৰ ক্ষয়-ক্ষতিৰ ক্ষতিপূৰণ মেঘালয় চৰকাৰে প্ৰদানৰ আশ্বাস প্ৰদানৰ লগতে মেঘালয়ৰ মুখ্য সচিবক এই ক্ষয়-ক্ষয়িৰ বুজ ল’বলৈ নিৰ্দেশ দিয়ৈা হৈছে বুলিও সংবাদমেলত অৱগত কৰা হয়।
দুয়োগৰাকী মন্ত্ৰীয়ে দুয়ো ৰাজ্যৰ প্ৰতিবাদকাৰীসকলক প্ৰতিবাদ প্ৰত্যাহাৰ কৰাৰ বাবেও আহ্বান জনায়।
লগতে পঢ়ক: কটকটীয়া নিৰাপত্তাৰ মাজতে শ্বিলঙত সেনা-RAFৰ ফ্লেগ মাৰ্চ
