Voice of Eastern India

অসমৰ কেব চালক সন্থাৰে আলোচনাত মিলিত হ’ব মন্ত্ৰী অতুল বৰা


আজি অসম চালক সন্থাৰ সৈতে বৈঠকত বহিব মন্ত্ৰী অতুল বৰা। দিনৰ ১২ বজাত খানাপাৰাত অনুষ্ঠিত হ’ব বৈঠকখন।

এতিয়াও শান্ত হোৱা নাই অসম-মেঘালয়ৰ পৰিৱেশ। অসমৰ বাহনসমূহক মেঘালয়ত প্ৰৱেশত বাধা দিয়া হৈছে। বৰাপানীৰ পৰা ঘূৰাই পঠিয়াইছে অসমৰ বাহনসমূহ। তাৰ মাজতে আজি অসমৰ কেব চালক সন্থাৰে আলোচনাত মিলিত হ’ব মন্ত্ৰী অতুল বৰা।

খানাপাৰাৰ গোলাপ বৰবৰা ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰত হ’ব বৈঠক। অসম-মেঘালয়ৰ পৰিস্থিতিক লৈ বৈঠকত হ’ব আলোচনা। শনিবাৰে দুই ৰাজ্যৰ প্ৰতিনিধিৰ মাজত অনুষ্ঠিত হৈছিল বৈঠক।

এই বৈঠকত দুই ৰাজ্যৰ মাজত নিয়মিতভাৱে বাহন চলাচল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু তাৰ পিছতো অসমৰ বাহনক সোমাব দিয়া নাই মেঘালয়ত।  

লগতে পঢ়ক: সাময়িকভাৱে স্থগিত যোৰাবাটৰ প্ৰতিবাদ



Source link

Leave A Reply

Your email address will not be published.