Voice of Eastern India

Silchar Municipal Election Result: কাৰ দখললৈ যাব শিলচৰ পৌৰ নিগম? কাইলৈ ভোট গণনা


Silchar Municipal Election Result: কাইলৈ ওলাব শিলচৰ পৌৰ নিগমৰ ফলাফল, ৪০ ৱাৰ্ডত কাৰ বাজিব বিজয়ৰ ডংকা?

৬ ছেপ্টেম্বৰ, মঙলবাৰে শিলচৰ পৌৰ নিগমৰ প্ৰথমটো নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব। পুৱা ৮ বজাৰ পৰা ৰামনগৰ ISBT চৌহদৰ ISTT কমপ্লেক্সত আৰম্ভ হ’ব ৪০টা ৱাৰ্ডৰ ভোটগণনা (Silchar Municipal Election Result)।

পৌৰ নিগমৰ মুঠ ৪২টা ৱাৰ্ডৰ ভিতৰত ৯ আৰু ২০ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে নিৰ্বাচিত হৈছে। সেয়ে বাকী ৪০টা ৱাৰ্ডৰ ফলাফল মঙলবাৰৰ ভোটগণনাৰ জৰিয়তে নিৰ্ধাৰণ হ’ব।

ভোটগণনাৰ বাবে কাছাৰ জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ৭টা গণনা কক্ষ সাজু কৰা হৈছে। প্ৰতিটো কক্ষত থাকিব ১৪খনকৈ টেবুল (Silchar Municipal Corporation Result)।

বিষয়াসকলৰ মতে, সাধাৰণতে চাৰিটা ৰাউণ্ডত ভোটগণনা সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে যিবোৰ ৱাৰ্ডত ভোটকেন্দ্ৰৰ সংখ্যা কম, সেই ৱাৰ্ডত তিনিটা ৰাউণ্ডতে গণনা শেষ হ’ব পাৰে।

ভোটগণনা প্ৰক্ৰিয়াৰ বাবে প্ৰায় ৭০০ কৰ্মচাৰী নিয়োগ কৰা হৈছে। প্ৰতিখন টেবুলত থাকিব এগৰাকী গণনা ছুপাৰভাইজাৰ, এগৰাকী গণনা সহায়ক আৰু এগৰাকী মাইক্ৰ’-অবজাৰ্ভাৰ। ইয়াৰ উপৰি প্ৰতিটো গণনা কক্ষত দুগৰাকীকৈ অতিৰিক্ত মাইক্ৰ’-অবজাৰ্ভাৰ থাকিব।

প্ৰতিটো গণনা কক্ষত ৬গৰাকী টেবুল ইনচাৰ্জ আৰু ৪গৰাকী মাল্টি-টাস্কিং কৰ্মচাৰীকো নিয়োগ কৰা হৈছে।

শনিবাৰে ভোটগ্ৰহণৰ পিছত ছীল কৰা বেলট বাকচসমূহ ISTT কমপ্লেক্সৰ ষ্ট্ৰং ৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। এই সময়ছোৱাত প্ৰাৰ্থীসকলৰ উপস্থিতিত বাকচসমূহ সুৰক্ষিত কৰি ৰখা হয়।

মঙলবাৰে পুৱা প্ৰায় ৭.৩০ বজাত ষ্ট্ৰং ৰুমৰ পৰা বেলট বাকচসমূহ উলিয়াই অনা হ’ব। ইয়াৰ পিছতে পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত ভোটগণনা।

লগতে পঢ়ক: Nagaon Lok Sabha by-election: নগাঁৱত কাইলৈ ভোটযুদ্ধ, EVMত বন্দী হ’ব ১৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য



Source link

Leave A Reply

Your email address will not be published.