Dibrugarh Bangladesh cargo vessel: বগীবিলৰ পৰা বাংলাদেশলৈ জাহাজ! স্বাধীনোত্তৰ কালৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় মালবাহী যাত্ৰা
স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে নদী পথেৰে ইতিহাস ৰচিলে ডিব্ৰুগড়ে। ঐতিহাসিক চহৰখনৰ পৰা নদী পথেৰে এখন মালবাহী জাহাজে বিদেশলৈ যাত্ৰা কৰিছে। ইয়াৰ জৰিয়তে জিলাখনৰ পৰা পুনৰ আৰম্ভ হৈছে আভ্যন্তৰীণ জলপথেৰে সামগ্ৰী পৰিবহণ (Dibrugarh Bangladesh cargo vessel)।
ডিব্ৰুগড়ৰ নৱনিৰ্মিত বগীবিল নদী বন্দৰ, অৰ্থাৎ IWAI বগীবিল টাৰ্মিনেলৰ পৰা ৫ অক্টোবৰৰ পুৱা ১১ বজাত প্ৰথমখন জাহাজ বাংলাদেশৰ ঢাকাৰ পাংগাঁও বন্দৰৰ উদ্দেশ্যে ৰাওনা হৈছে। জাহাজখনে ৭৮৩ কিলোমিটাৰ জলপথ অতিক্ৰম কৰি প্ৰায় সাত দিনত বাংলাদেশত উপস্থিত হোৱাৰ সম্ভাৱনা আছে (Dibrugarh to Bangladesh waterway)।
ইয়াৰ দুদিনমানৰ ভিতৰতে দ্বিতীয়খন মালবাহী জাহাজো ৰাওনা হোৱাৰ কথা। দুয়োখন জাহাজে মুঠ ১,০৮০ টন মিথানল বাংলাদেশলৈ কঢ়িয়াই নিব। এই মিথানল অসম পেট্ৰ’ কেমিকেলছ লিমিটেডে (APCL) উৎপাদন কৰিছে।
৫ অক্টোবৰত বগীবিল বন্দৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে জাহাজখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলী এই অনুষ্ঠানত অংশ লয়।
৫ অক্টোবৰত ৰাওনা হোৱা জাহাজখনৰ নাম ‘পাটকাই’। জাহাজখনত ২৭টা কণ্টেইনাৰত মুঠ ৫৪০ টন মিথানল কঢ়িয়াই নিয়া হৈছে।
ডিব্ৰুগড়ৰ জলপথেৰে সামগ্ৰী পৰিবহণৰ ইতিহাস বহু পুৰণি। ব্ৰিটিছ আমোলতো বাণিজ্যিক কাম-কাজৰ বাবে ডিব্ৰুগড়ৰ পৰা জলপথেৰে জাহাজ চলিছিল। সেই সময়ত মোহনাঘাটৰ ওচৰত এটা ঐতিহাসিক নদী বন্দৰো আছিল। সময়ৰ লগে লগে এই অঞ্চলৰ পৰা জাহাজ চলাচল বন্ধ হৈ পৰে।
এতিয়া বগীবিলৰ পৰা পুনৰ মালবাহী জাহাজ চলাচল আৰম্ভ হোৱাত অসম আৰু বিদেশৰ মাজত জলপথেৰে সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হৈছে।
লগতে পঢ়ক: Dibrugarh Bangladesh cargo: ৮০ বছৰৰ পাছত ডিব্ৰুগড়ে ৰচিব ইতিহাস!
