Assam Cabinet Decisions 2026: অসমত নতুনকৈ গঠন হ’ব ৬খন পৌৰসভা, কেবিনেটৰ বৈঠকত আন কেইবাটাও ডাঙৰ সিদ্ধান্ত।
ৰাজ্যৰ নগৰ প্ৰশাসন ব্যৱস্থাত সালসলনিৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত নতুনকৈ ছখন পৌৰসভা গঠনৰ লগতে ২৩খন নগৰীয়া স্থানীয় নিকায়ৰ এলেকা সম্প্ৰসাৰণ আৰু ৱাৰ্ডৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয় (Assam Cabinet Decisions 2026)।
নতুন দিল্লীৰ অসম ভৱনত সংবাদমেলযোগে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ জনোৱা অনুসৰি, লালুক, হাৰমতী-বন্দৰদোৱা, মাজুলী, উদাৰবন্দ, মিৰ্জা আৰু বিজয়নগৰত নতুন পৌৰসভা গঠন কৰা হ’ব। ইয়াৰ জৰিয়তে নগৰাঞ্চলৰ প্ৰশাসনিক ব্যৱস্থা অধিক উন্নত কৰাৰ লক্ষ্য লৈছে চৰকাৰে (New Municipal Boards in Assam)।
শিক্ষানুষ্ঠানত গঢ়ি তোলা হ’ব ষ্টাৰ্টআপৰ পৰিৱেশ
কেবিনেটে উচ্চ শিক্ষানুষ্ঠানসমূহৰ বাবে ‘উদ্ভাৱন আৰু ষ্টাৰ্টআপ নীতি’তো অনুমোদন জনাইছে। এই নীতিৰ অধীনত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উদ্ভাৱন তথা ষ্টাৰ্টআপৰ বাবে বিশেষ কেন্দ্ৰ গঢ়ি তোলা হ’ব। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰী আৰু যুৱ উদ্ভাৱকসকলে নিজৰ ব্যৱসায়িক ধাৰণাক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় লাভ কৰিব।
বসুন্ধৰা আঁচনিৰ সুবিধাৰ ক্ষেত্ৰত নতুন নিয়ম
ভূমি সম্পৰ্কীয় সমস্যাৰ সমাধানৰ বাবেও কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন সিদ্ধান্ত অনুসৰি, এখন চহৰৰ সীমাৰ পৰা বাহিৰৰ এক কিলোমিটাৰ পৰ্যন্ত অঞ্চলকহে নগৰাঞ্চল হিচাপে গণ্য কৰা হ’ব। এই নিয়মৰ ভিত্তিত বসুন্ধৰা আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব।
চহৰৰ মাষ্টাৰ প্লেনৰ অন্তৰ্ভুক্ত হ’লেও সীমাৰ পৰা এক কিলোমিটাৰৰ বাহিৰৰ অঞ্চলসমূহক গ্ৰামাঞ্চল হিচাপে গণ্য কৰা হ’ব। অৱশ্যে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত এই নিয়ম প্ৰযোজ্য নহ’ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে।
মৰাণ-মটক পৰিষদৰ নিৰ্বাচন ডিচেম্বৰত অনুষ্ঠিত কৰাৰ লক্ষ্য
মৰাণ আৰু মটক স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ক্ষেত্ৰতো সময়সীমা হ্ৰাস কৰিছে কেবিনেটে। ভোটাৰ তালিকাক লৈ দাবী আৰু আপত্তি দাখিলৰ বাবে পূৰ্বে নিৰ্ধাৰিত ১৫ দিনৰ সময়সীমা কমাই সাত দিন কৰা হৈছে (Moran Motok Council Election)।
চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰতে দুয়োখন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক: Bhupen Hazarika Birth Centenary: সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰে মুখৰিত হ’ব ৰাজধানী দিল্লী
