Voice of Eastern India

Bhupen Hazarika Birth Centenary: সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰে মুখৰিত হ’ব ৰাজধানী দিল্লী


Bhupen Hazarika Birth Centenary: এহেজাৰ শিল্পীৰ কণ্ঠত প্ৰাণ পাব ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি, দিল্লীত বিশেষ আয়োজন।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টিৰে মুখৰিত হৈ পৰিছে দেশৰ ৰাজধানী নতুন দিল্লী। মহান শিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানক কেন্দ্ৰ কৰি দিল্লীত এতিয়া সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশ। ৰাজপথৰ পৰা ভাৰত মণ্ডপমলৈকে বিভিন্ন স্থানত শোভা বৰ্ধন কৰিছে সুধাকণ্ঠৰ বিশাল বেনাৰ আৰু পোষ্টাৰে। তেওঁৰ জীৱন, কৰ্ম আৰু সংগীতৰ অনন্য অৱদানক সুঁৱৰি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও বহু লোকৰ সমাগম ঘটিছে দেশৰ ৰাজধানী চহৰখনলৈ (Bhupen Hazarika Birth Centenary)।

অসমৰ মাটিৰ গোন্ধ, মানুহৰ জীৱন-সংগ্ৰাম আৰু মানৱতাৰ বাৰ্তা নিজৰ গীতৰ মাজেৰে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছিল ভূপেন হাজৰিকাই। লুইতৰ পাৰৰ পৰা মিচিচিপি নদীৰ পাৰলৈকে তেওঁৰ সৃষ্টিয়ে স্পৰ্শ কৰিছিল অসংখ্যজনৰ হৃদয়। জাতি-ধৰ্ম-বৰ্ণৰ সীমা অতিক্ৰম কৰি মানৱতা, ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ যি বাৰ্তা তেওঁ দি গৈছে, সেয়া আজিও সমানেই প্ৰাসংগিক।

এইগৰাকী মহান শিল্পীৰ অৱদানক বিশ্ববাসীৰ সন্মুখত পুনৰ এবাৰ তুলি ধৰাৰ লক্ষ্যৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজন কৰা হৈছে জন্ম শতবৰ্ষৰ বিশেষ সামৰণি অনুষ্ঠান। ইয়াৰ অন্যতম আকৰ্ষণ হ’ব দেশৰ প্ৰায় এহেজাৰ শিল্পীৰ সমবেত সংগীত পৰিৱেশন (Bhupen Hazarika Centenary Celebration)।

‘মানুহে মানুহৰ বাবে’ৰে সুধাকণ্ঠলৈ সংগীতৰ অনন্য শ্ৰদ্ধাঞ্জলি

২৯ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই বিশেষ অনুষ্ঠানত ভূপেন হাজৰিকাৰ দুটা কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ আৰু ‘We Are in the Same Boat, Brother’ একেলগে পৰিৱেশন কৰিব প্ৰায় এহেজাৰ শিল্পীয়ে। দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীৰ কণ্ঠত পুনৰ প্ৰাণ পাই উঠিব সুধাকণ্ঠৰ এই অমৰ সৃষ্টি।

বৃহস্পতিবাৰে নতুন দিল্লীৰ অসম ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে। ৰাজ্যিক কেবিনেট বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, প্ৰায় দুঘণ্টাজোৰা এই অনুষ্ঠানত দেশৰ আগশাৰীৰ সংগীত শিল্পীৰ লগতে অসমৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীয়ে অংশগ্ৰহণ কৰিব (Bhupen Hazarika Songs)।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পীসকলৰ তালিকাত আছে শ্ৰেয়া ঘোষাল, শংকৰ মহাদেৱন, কল্পনা পাটোৱাৰী, কবিতা কৃষ্ণমূৰ্তি, ড° এল সুব্ৰমনিয়াম, কৌশিকী চক্ৰৱৰ্তী, মহালক্ষ্মী আয়াৰ, ৰাহুল দেশপাণ্ডে আৰু শ্ৰীৰামৰ দৰে বিশিষ্ট শিল্পী।

আনহাতে, অসমৰ হৈ অনুষ্ঠানত অংশ ল’ব ময়ূখ হাজৰিকা, তৰালী শৰ্মা, জুবলী বৰুৱা, অনিন্দিতা পাল, দিক্ষু শৰ্মা, ৰূপম ভূঞা, নাহিদ আফ্ৰিন, আচুৰ্য বৰপাত্ৰ, মৌচুমী চহৰীয়া, শংকুৰাজ কোঁৱৰ আৰু ডাৱৰ হাজৰিকাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰায় এহেজাৰ শিল্পীৰ কণ্ঠত একেলগে সুধাকণ্ঠৰ এই দুটা গীতৰ পৰিৱেশন হ’ব জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ অন্যতম স্মৰণীয় মুহূৰ্ত।

অনুষ্ঠানত উপস্থিত থাকিবলৈ ১২০০ৰো অধিক লোকৰ পঞ্জীয়ন

ইফালে, অনুষ্ঠানটোৰ প্ৰস্তুতি আৰু পৰিকল্পনাৰ বিভিন্ন দিশ চূড়ান্ত কৰিবলৈ সংশ্লিষ্ট মন্ত্ৰী আৰু বিষয়াসকলৰ সৈতে পুনৰ আলোচনাত মিলিত হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই অনুষ্ঠানত অংশ ল’বলৈ আগ্ৰহী লোকসকলৰ পৰাও ব্যাপক সঁহাৰি লাভ কৰিছে ৰাজ্য চৰকাৰে। উপস্থিত থাকিব বিচৰা লোকসকলৰ বাবে মুকলি কৰা অনলাইন প’ৰ্টেলত ইতিমধ্যে ১২০০ৰো অধিক লোকে পঞ্জীয়ন কৰিছে।

মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি, পঞ্জীয়ন কৰা প্ৰতিগৰাকী ব্যক্তিৰ পৰিচয় আৰু পটভূমি পৰীক্ষা কৰাৰ পাছত তেওঁলোকৰ বাসগৃহলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হ’ব।

সামগ্ৰিকভাৱে, ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ এই সামৰণি অনুষ্ঠান কেৱল এক সংগীতানুষ্ঠানতে সীমাবদ্ধ নাথাকিব। বৰঞ্চ বিশ্বৰ সন্মুখত অসমীয়া ভাষা, সংস্কৃতি আৰু সুধাকণ্ঠৰ মানৱতাবাদী দৰ্শনক নতুনকৈ তুলি ধৰাৰ এক বিশেষ মঞ্চ হিচাপে পৰিগণিত হ’ব এই আয়োজন। দেশৰ বিভিন্ন প্ৰান্তৰ এহেজাৰ শিল্পীৰ কণ্ঠত ‘মানুহে মানুহৰ বাবে’ৰ সামূহিক পৰিৱেশনে অনুষ্ঠানটোক এক ঐতিহাসিক ৰূপ দিয়াৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: ২৯ নৱেম্বৰত ভাৰত মণ্ডপমত গুঞ্জৰিত হ’ব সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে: মুখ্যমন্ত্ৰীৰ ঘোষণা



Source link

Leave A Reply

Your email address will not be published.