Voice of Eastern India

Himanta Biswa Sarma CJP: CJPৰ দাবী অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ বিৰুদ্ধেঃ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া


Himanta Biswa Sarma CJP: CJPক কিয় সমালোচনা কৰিলে হিমন্ত বিশ্ব শৰ্মাই?

কক’ৰোচ জনতা পাৰ্টি (CJP)ক লৈ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে CJPৰ কাম-কাজ অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ বিৰুদ্ধে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। একে সময়তে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ প্ৰতিবাদস্থলীলৈ কংগ্ৰেছৰ বিধায়কসকল যোৱা বিষয়টোক লৈয়ো কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে তেওঁ (Himanta Biswa Sarma CJP)।

বঙাইগাঁও মেডিকেল কলেজ আৰু হাস্পতালৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ সৈতে মত বিনিময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “CJPক কেৱল সদৌ অসম ছাত্ৰ সন্থা তথা আছুৱে সমালোচনা কৰা নাই, ময়ো সমালোচনা কৰিছোঁ। CJPৰ কাম-কাজ অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ বিৰুদ্ধে।”

আনহাতে, বিজেপি আৰু AASUৰ মাজত কোনো বুজাবুজি থকা বুলি কৰা ধাৰণাও নাকচ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে কোনো সংগঠনৰ প্ৰতি তেওঁৰ সমৰ্থন বা বিৰোধিতা বিষয়ভিত্তিক (Cockroach Janta Party Assam)।

মুখ্যমন্ত্ৰীয়ে কয়, “AASU আৰু বিজেপিৰ মাজত কোনো সম্পৰ্ক নাই। কিছুমান বিষয়ত AASUৰ কথা মোৰ ভাল লাগে, আকৌ কেতিয়াবা অখিল গগৈৰ কথাও ভাল লাগে। মোৰ পছন্দ-অপছন্দ বিষয়ভিত্তিক।”

অসমত CJPৰ প্ৰাসংগিকতাক লৈও প্ৰশ্ন উত্থাপন কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে অসমত ইতিমধ্যে AASU, সদৌ বড়ো ছাত্ৰ সন্থা, কোচ-ৰাজবংশী সংগঠন, ৰাভা ছাত্ৰ সন্থাকে ধৰি বহুতো ছাত্ৰ আৰু জনগোষ্ঠীয় সংগঠন আছে।

মুখ্যমন্ত্ৰীয়ে কয়, “CJPৰ সৈতে অসমৰ কোনো সম্পৰ্ক নাই। অসমত ইতিমধ্যে AASU, ABSU, কোচ-ৰাজবংশী সংগঠন, ৰাভা ছাত্ৰ সন্থা আৰু আন বহুতো সংগঠন আছে।”

লগতে পঢ়ক: Mumtaz Begum controversy: মমতাজ বেগমক লৈ কংগ্ৰেছৰ ৰাজনীতি, মুখ্যমন্ত্ৰীৰ দাবী, ‘পুত্ৰই সকলো কথা জানে’



Source link

Leave A Reply

Your email address will not be published.