Silchar Municipal Corporation Election: ঐতিহাসিক প্ৰথম পৌৰ নিগম নিৰ্বাচনৰ বাবে সাজু শিলচৰ
প্ৰথমটো পৌৰ নিগম নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে শিলচৰ। ৩ অক্টোবৰ, শনিবাৰে অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ বাবে শুকুৰবাৰে নিৰ্বাচনী সামগ্ৰী লৈ নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হয় ভোটগ্ৰহণকাৰীসকল (Silchar Municipal Corporation Election)।
ভোটগ্ৰহণকাৰীসকলে ISBT আৰু ইণ্টাৰ-ষ্টেট ট্ৰাক টাৰ্মিনাছৰ পৰা নিৰ্বাচনী সামগ্ৰীসমূহ সংগ্ৰহ কৰি নিজ নিজ গন্তব্য স্থানলৈ ৰাওনা হয়। এই দুয়োটা স্থানতে নিৰ্বাচনৰ বাবে ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছে (Silchar Municipal Election 2026)।
উল্লেখ্য যে, শিলচৰৰ মুঠ ৪০টা ৱাৰ্ডত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ইয়াৰ বাবে স্থাপন কৰা হৈছে ৩০৩টা ভোটকেন্দ্ৰ। নিৰ্বাচনৰ দায়িত্বত নিয়োজিত কৰা হৈছে মুঠ ১,২১২গৰাকী ভোটগ্ৰহণকাৰী। ইয়াৰে ১০টা ভোটকেন্দ্ৰত কেৱল মহিলা ভোটগ্ৰহণকাৰী থাকিব।
নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ নিৰাপত্তাৰ ক্ষেত্ৰতো ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভোটকেন্দ্ৰসমূহক সংবেদনশীল আৰু অতি সংবেদনশীল হিচাপে ভাগ কৰা হৈছে। অতি সংবেদনশীল ভোটকেন্দ্ৰসমূহত সশস্ত্ৰ আৰক্ষী মোতায়েন কৰা হৈছে বুলি জানিব পৰা গৈছে।
ইয়াৰ উপৰি, যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চহৰখনত ২৪ ঘণ্টাই কুইক ৰেছপন্স টীমে নজৰ ৰাখিব। ভোটাৰসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতিও দলটোৱে নজৰ ৰাখিব।
শনিবাৰে শিলচৰৰ ভোটাৰসকলে ভোটদান কৰি চহৰখনৰ প্ৰথমখন পৌৰ নিগম গঠন কৰিবলৈ প্ৰতিনিধি নিৰ্বাচন কৰিব।
লগতে পঢ়ক: Nagaon Lok Sabha by-election: নগাঁও লোকসভা উপ-নিৰ্বাচনত বিজেপিৰ জয়ক লৈ আত্মবিশ্বাসী মুখ্যমন্ত্ৰী
