Voice of Eastern India

Nagaon Bypoll Counting: কাইলৈ নগাঁৱৰ ৰাজনৈতিক যুঁজৰ ফলাফল, পুৱা ৮ বজাৰ পৰা ভোটগণনা


Nagaon Bypoll Counting: কোনে মাৰিব শেষ হাঁহি? কাইলৈ নগাঁৱৰ উপ-নিৰ্বাচনৰ ভোটগণনা।

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা ৯ অক্টোবৰৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব। ৮ অক্টোবৰত নগাঁৱৰ আয়ুক্ত তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াই সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে (Nagaon Bypoll Counting)।

ভোটগণনাৰ বাবে জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। প্ৰথমে ডাকযোগে অহা বেলটৰ ভোট গণনা কৰা হ’ব। ইয়াৰ পিছতে ইভিএমত পৰা ভোট গণনা আৰম্ভ হ’ব (Nagaon bypoll result 2026)।

চামগুৰি, ধিং আৰু ৰূপহীহাট বিধানসভা সমষ্টিৰ ভোটগণনা নগাঁৱৰ ডাউছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব। আনহাতে, নগাঁও-বটদ্ৰৱা আৰু ৰহা সমষ্টিৰ ভোটগণনা চৰকাৰী বালক বিদ্যালয়ৰ ষ্ট্ৰং ৰূমত কৰা হ’ব।

শুকুৰবাৰে পুৱা ৬ বজাত নিৰ্বাচনী বিষয়াসকল আৰু অনুমোদিত প্ৰতিনিধিৰ উপস্থিতিত ষ্ট্ৰং ৰূমসমূহ খোলা হ’ব। প্ৰতিটো ভোটগণনা কেন্দ্ৰত থাকিব ১৪খনকৈ টেবুল।

বিধানসভা সমষ্টি অনুসৰি ১৮ৰ পৰা ২২টা ৰাউণ্ডত ভোটগণনা সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে, মঙলবাৰে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰায় ৭৬ শতাংশ ভোটদান হৈছিল। ভোটদানৰ সময় শেষ হোৱাৰ সময়ত ভোটকেন্দ্ৰৰ ভিতৰত থকা ভোটাৰসকলৰ ভোটো চূড়ান্ত হিচাপত যোগ হ’ব। সেয়ে ভোটদানৰ হাৰ সামান্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

এইবাৰৰ উপ-নিৰ্বাচনত মুঠ ১৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা আৰু AIUDFৰ সভাপতি বদৰুদ্দিন আজমল অন্যতম। ৯ অক্টোবৰৰ ভোটগণনাৰ পিছতে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল স্পষ্ট হ’ব।

লগতে পঢ়ক: Nagaon bypoll 2026: নগাঁৱত সমাপ্ত ভোটযুদ্ধ, কোনটো সমষ্টিত কিমান শতাংশ ভোটদান?



Source link

Leave A Reply

Your email address will not be published.