মাত্ৰ এদিন বাকী! LPG গ্ৰাহকে ১৬ আগষ্টৰ ভিতৰত কৰিব লাগিব এই কাম
মাত্ৰ এদিন! ১৬ আগষ্টৰ পূৰ্বেই কৰি লওক অন্ত্যন্ত জৰুৰী এই কাম, অন্যথা আপোনাৰ ৰাজসাহায্যযুক্ত ঘৰুৱা চিলিণ্ডাৰৰ যোগানত সমস্যাৰ সৃষ্টি হব পাৰে ।
অসমৰ ঘৰুৱা LPG গ্ৰাহকসকলৰ বাবে এতিয়া সময় একেবাৰে কম। আধাৰ-ভিত্তিক e-KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ মাত্ৰ এদিন বাকী।
অন্তিম সময়সীমা ১৬ আগষ্ট। এই সময়সীমাৰ ভিতৰত e-KYC সম্পূৰ্ণ নকৰিলে পৰৱৰ্তী সময়ত LPG ৰাজসাহায্য লাভৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে গ্ৰাহকসকল।
কিয় এই e-KYC ইমান গুৰুত্বপূৰ্ণ?
ৰাজহুৱা খণ্ডৰ তেল বিপণন প্ৰতিষ্ঠানসমূহে এই e-KYC প্ৰক্ৰিয়া ৰূপায়ণ কৰিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে প্ৰকৃত LPG গ্ৰাহকক চিনাক্ত কৰা আৰু ভুৱা বা একাধিক সংযোগ চিনাক্ত কৰা।
e-KYC সম্পূৰ্ণ নকৰিলে পৰৱৰ্তী সময়ত ৰাজসাহায্যবিহীন দৰত LPG চিলিণ্ডাৰ ক্ৰয় কৰিবলগীয়া হ’ব পাৰে।
ঘৰত বহিয়েই কৰিব পাৰিব e-KYC
গ্ৰাহকসকলে অনলাইন বা অফলাইন– দুয়োটা পদ্ধতিৰ জৰিয়তে বিনামূলীয়াকৈ e-KYC সম্পূৰ্ণ কৰিব পাৰিব।
অনলাইনত কৰিবলৈ নিজৰ LPG যোগান সংস্থাৰ অফিচিয়েল এপ ব্যৱহাৰ কৰিব পাৰিব-
Indane: IndianOil ONE
Bharatgas: Hello BPCL
HP Gas: HP Pay বা HP Gas
আধাৰ-ভিত্তিক Face Authenticationৰ বাবে AadhaarFaceRD এপ্লিকেশ্বনৰ প্ৰয়োজন হ’ব পাৰে।
অফলাইনতো আছে সহজ উপায়
অনলাইনত কৰিব নোৱাৰিলেও চিন্তা কৰাৰ প্ৰয়োজন নাই। গ্ৰাহকে নিজৰ LPG বিতৰণকাৰীৰ কৰ্মীৰ জৰিয়তে বায়’মেট্ৰিক অ’থেণ্টিকেশ্বন ব্যৱহাৰ কৰি e-KYC সম্পূৰ্ণ কৰিব পাৰে।
ইয়াৰ উপৰি, আধাৰ আৰু প্ৰয়োজনীয় গ্ৰাহক-সংক্ৰান্তীয় তথ্য লৈ নিজৰ কৰ্তৃত্বপ্ৰাপ্ত LPG ডিষ্ট্ৰিবিউটৰৰ ওচৰলৈ গৈও এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব।
সময় একেবাৰে কম!
যিসকল LPG গ্ৰাহকে এতিয়াও e-KYC সম্পূৰ্ণ কৰা নাই, তেওঁলোকৰ বাবে ১৬ আগষ্টৰ সময়সীমা অতি গুৰুত্বপূৰ্ণ।
শেষ মুহূৰ্তত ভিৰ বা কাৰিকৰী সমস্যাৰ সন্মুখীন নহ’বলৈ আজিয়েই e-KYC সম্পূৰ্ণ কৰাটো ভাল।
মনত ৰাখক- ১৬ আগষ্টৰ পিছত LPG ৰাজসাহায্যৰ সুবিধা বাহাল ৰখাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
লগতে পঢ়ক : ১৬ আগষ্ট ডেডলাইন! e-KYC নকৰিলে পৰিব পাৰে সমস্যাত!
