Voice of Eastern India

Guwahati homestay death: হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ


Guwahati homestay death: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, হোমষ্টেত উদ্ধাৰ মৃতদেহক লৈ চাঞ্চল্য

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ২১ বছৰীয়া ছাত্ৰীৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে শুকুৰবাৰে নিশা, (২৫ ছেপ্টেম্বৰ) গুৱাহাটীৰ এটা হোমষ্টেত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ঘটনাটোক লৈ ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে (Guwahati homestay death)।

গুৱাহাটী বিশ্ববিদ্যালয়ত সমাজতত্ত্ব বিষয়ত অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকী আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধাৰাপুৰৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে (Guwahati University student death)।

প্ৰাথমিক তথ্য অনুসৰি, ছাত্ৰীগৰাকী এগৰাকী পৰিচিত পুৰুষ বন্ধুৰ সৈতে হোমষ্টেলৈ গৈছিল। তেওঁলোক ২০ ছেপ্টেম্বৰৰ পৰা তাত থকা বুলি জানিব পৰা গৈছে যদিও এই তথ্য আৰক্ষীয়ে এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।

ঘটনাটোৰ সৈতে আছিক আলী নামৰ এগৰাকী যুৱকৰ নাম অভিযুক্ত হিচাপে উত্থাপন হৈছে। আছিক আলী ছাত্ৰীগৰাকীৰ পৰিচিত তথা প্ৰেমিক বুলি জানিব পৰা গৈছে। তেওঁ আন লোকক ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি কৈছিল বুলি অভিযোগ উঠিছে। অৱশ্যে এই দাবী এতিয়াও নিশ্চিত হোৱা নাই আৰু আৰক্ষীয়ে মৃত্যুৰ প্ৰকৃত পৰিস্থিতি সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে (Guwahati student death)।

আৰক্ষীয়ে ঘটনাটোৰ পূৰ্বে কি কি পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই সম্পৰ্কে তদন্ত চলাই আছে। ঘটনাটোৰ সৈতে জড়িত লোকসকলকো সোধা-পোছা কৰিব আৰক্ষীয়ে। ছাত্ৰীগৰাকীৰ মৃত্যুৰ সঠিক কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। তদন্ত আগবঢ়াৰ লগে লগে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: APDCL worker death: অক্টোবৰত আছিল বিয়া… তাৰ পূৰ্বেই বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু যুৱকৰ



Source link

Leave A Reply

Your email address will not be published.