Gauhati University student death: নিমিষাৰ মৃত্যুক লৈ চাঞ্চল্য, গ্ৰেপ্তাৰ প্ৰেমিক আছিক আলী
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২২ বছৰীয়া এগৰাকী ছাত্ৰীৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িতৰ অভিযোগত ২৬ বছৰীয়া এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ছাত্ৰীগৰাকীক স্থানীয় এটা হোমষ্টেত অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল। মৃত ছাত্ৰীগৰাকীৰ নাম নিমিষা ঠাকুৰীয়া বুলি জানিব পৰা গৈছে। তেওঁ ধাৰাপুৰৰ বাসিন্দা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ স্নাতক পৰ্যায়ৰ ছাত্ৰী আছিল (Gauhati University student death)।
এই ঘটনাত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম আছিক আলী বুলি জানিব পৰা গৈছে। গ্ৰেপ্তাৰ কৰা আছিক আলী নিমিষাৰ প্ৰেমিক বুলি বাতৰিত প্ৰকাশ। আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধাৰাপুৰ অঞ্চলত অৱস্থিত ‘ৰুদ্ৰাছ কিচেন’ নামৰ হোমষ্টেত এই ঘটনা সংঘটিত হৈছে (Guwahati homestay death)।
আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, নিমিষাই নিশা প্ৰায় ১১ বজাত আছিক আলীৰ সৈতে হোমষ্টেলৈ যোৱাৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। সেই নিশাই তেওঁ মাতৃলৈ ফোন কৰি আছিক আলীয়ে তেওঁক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ কৰিছিল।
কিন্তু ফোনটো হঠাতে বিচ্ছিন্ন হৈ যায় আৰু লগে লগে তেওঁৰ মোবাইল ফোনটো বন্ধ হৈ পৰে। ইয়াৰ পিছতে উদ্বিগ্ন পৰিয়ালৰ লোকসকলে আজাৰা আৰক্ষী থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত অৱগত কৰে। আৰক্ষীয়ে তৎকালীনভাৱে তেওঁৰ সন্ধানত অভিযান আৰম্ভ কৰে (Guwahati Nimisha Thakuria Murder)।
গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত (পশ্চিম) বলিন দেউৰীয়ে জানিবলৈ দিয়া মতে, বিয়লি প্ৰায় ৪:৩০ বজাত তিনিজন যুৱকে নিমিষাক অচেতন অৱস্থাত এখন স্থানীয় চিকিৎসালয়লৈ লৈ যায়। তাৰ পিছত তেওঁক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
আৰক্ষীয়ে আছিক আলীক জিম্মাত লৈ ছাত্ৰীগৰাকীৰ মৃত্যুৰ পূৰ্বে সংঘটিত ঘটনাৰ সন্দৰ্ভত সোধা-পোছা আৰম্ভ কৰিছে। আৰক্ষীৰ সূত্ৰ মতে আছিক আলীয়ে তেওঁ নিমিষাক কোঠাটোৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰিছিল আৰু তেওঁ নিজেই নিজৰ জীৱন শেষ কৰিছিল বুলি দাবী কৰিছে।
অৱশ্যে, আৰক্ষীয়ে আছিক আলীৰ এই দাবী এতিয়াও নিশ্চিত কৰা নাই। আৰক্ষীয়ে ঘটনাটোৰ প্ৰতিটো সম্ভাব্য দিশৰ পৰা তদন্ত অব্যাহত ৰাখিছে। কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে যে তদন্ত এতিয়াও প্ৰাথমিক পৰ্যায়ত আছে আৰু এই পৰ্যন্ত কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা হোৱা নাই।
নিমিষাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে তেওঁৰ মৃত্যুৰ সঠিক সময় আৰু মৃত্যুৰ প্ৰকৃত কাৰণ নিৰ্ধাৰণ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।
লগতে পঢ়ক: Guwahati homestay death: হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ
