Mising Agom Kebang Silapathar Conference 2026
মিচিং আগম কেবাঙৰ চিলাপথাৰ অধিৱেশনত ২৩ খন গ্ৰন্থ উন্মোচন
মিচিং আগম কেবাঙৰ চিলাপথাৰ অধিৱেশন আৰম্ভ
ABKK News, Kamarupa, Dhemaji, 26th Silapathar 2026: ২৫ চেপ্তেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চিলাপথাৰস্থিত দঃঞি-পঃল সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত মিচিং আগম কৗবাং (মিচিং সাহিত্য সভা) ৰ ২৫ সংখ্যক ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনৰ প্ৰথম দিনটোত বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে আৰম্ভ।
অধিৱেশনস্থলীৰ প্ৰৱেশদ্বাৰ শুভ উদ্বোধন কৰিছিল মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য কনক দলেয়ে, প্ৰতিনিধি সভাকক্ষৰ প্ৰৱেশদ্বাৰ উন্মোচন কৰে এমএচিৰ কাৰ্যবাহী সদস্য যজ্ঞেশ্বৰ কুটুমে আৰু গ্ৰন্থ বিপণীৰ দ্বাৰ উন্মোচন কৰে সাধাৰণ সদস্য প্ৰতাপ চন্দ্ৰ টায়েই।
অধিবেশনৰ প্ৰতিনিধি সভাত আদৰণি ভাষণ প্ৰদান কৰিছিল জোনাই বিধানসভা সমষ্টিৰ বিধায়ক তথা আভ্যৰ্থনা সমিতিৰ সভাপতি ভুৱন পেগুৱে আৰু সভাত সভাপতিত্ব কৰিছিল মিচিং আগম কৗবাঙৰ সভাপতি হৰিনাৰায়ণ পেগুৱে আৰু প্ৰতিনিধি সভাৰ শুভ উদ্বোধন কৰিছিল মিচিং আগম কৗবাঙৰ প্ৰাক্তন সভাপতি ডাঃ জৱাহৰজ্যোতি কুলিয়ে। উক্ত সভাত মিচিং আগম কৗবাঙৰ প্ৰাক্তন সভাপতি-সচিব সকলৰ লগতে মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠনৰ MBK, MMK, MDK, TMMK আৰু TMPKৰ কেন্দ্ৰীয় সভাপতি- সাঃ সম্পাদকসকল, সংগ্ৰামী নেতৃত্ব, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য, সাধাৰণ সদস্যসকলৰ লগতে মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিক পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিত আছিল।
২৬ চেপ্তেম্বৰ দিনৰ সভাপতি হৰিনাৰায়ন পেগুৰ নেতৃত্বত পতাকা উত্তোলন, উপ-সভাপতি কালীনাথ পাংগিঙে শ্বহীদ তৰ্পণ কৰে আৰু মিচিং আগম কেবাঙৰ প্ৰাক্তন উপ-সভাপতি ৰবীন পাতিৰিয়ে মুঠ ২৩খন গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত আগম কেবাঙৰ উপ-সভাপতিদ্বয় কালীনাথ পাংগিং, প্ৰভাত মিলি, প্ৰাক্তন প্ৰধান সচিব ড° দীপক কুমাৰ দলে আৰু বহু ন-পূৰণি লেখক-লেখিকাই অংশগ্ৰহণ কৰে।
মিচিং ভাষা-সাহিত্য, সংস্কৃতি আৰু জাতীয় সত্তাৰ সংৰক্ষণ তথা বিকাশৰ ক্ষেত্ৰত এই অধিৱেশনে এক নতুন আশাৰ সঞ্চাৰ কৰিছে বুলি মিচিং আগম কেবাঙৰ প্ৰধান সচিব সুমেশ্বৰ কপ্তাক আৰু অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক তিলক দলেয়ে সদৰী কৰিছে।








