Duliajan triple murder: দুলীয়াজানৰ হত্যাকাণ্ডৰ অভিযুক্তলৈ আৰক্ষীৰ গুলী, আহত দুই অভিযুক্ত; পুত্ৰৰ শাস্তি বিচাৰিলে পিতৃয়ে
Duliajan triple murder: ৰাজ্য কঁপাই যোৱা দুলীয়াজান ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ ২ অভিযুক্ত গুলীবিদ্ধ। আৰক্ষীৰ গুলীত আহত হ’ল দুই অভিযুক্ত ৰাজু দাস আৰু আমিৰ দাস।
দুলীয়াজানৰ চাঞ্চল্যকৰ তিনিজনীয়া হত্যাকাণ্ডৰ তদন্তৰ মাজতে আৰক্ষীৰ গুলীত আহত হ’ল দুই অভিযুক্ত ৰাজু দাস আৰু আমিৰ দাস(Duliajan triple murder) । আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ লগতে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত দুয়োজনলৈ গুলীচালনা কৰা হয়। এই ঘটনাত দুজন আৰক্ষী কনিষ্টবলো আহত হোৱা বুলি জানিব পৰা গৈছে।(Duliajan triple murder)
উল্লেখ্য যে, দুলীয়াজানৰ এটা বাসগৃহত একেটা পৰিয়ালৰ পিতৃ-মাতৃ আৰু কন্যাক নৃশংসভাৱে হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ঘটনাৰ তদন্তত নাম সাঙোৰ খাইছিল ৰাজু দাস আৰু আমিৰ দাসৰ।(Duliajan triple murder)
আৰক্ষীৰ সূত্ৰে লাভ কৰা প্ৰাথমিক তথ্য অনুসৰি, ৰাজু দাস বিগত প্ৰায় সাত বছৰ ধৰি নিহত পৰিয়ালটোৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল। আমিৰ দাসৰ সহযোগত তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।
তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, অনলাইন জুৱাৰ ফলত সৃষ্টি হোৱা ঋণৰ বোজাই হত্যাকাণ্ডৰ আঁৰত ভূমিকা লোৱাৰ সন্দেহ কৰা হৈছে। অভিযোগ অনুসৰি, অনলাইন জুৱাত ধন হেৰুৱাই ঋণত পোত যোৱা ৰাজু দাসে পৰিয়ালটোৰ ঘৰত লুটপাত কৰি ধন আদায় কৰাৰ উদ্দেশ্যে হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল(Duliajan triple murder)।
ইফালে, হত্যাকাণ্ডত ব্যৱহৃত বুলি সন্দেহ কৰা হাতুৰীটো উদ্ধাৰৰ বাবে আৰক্ষীয়ে দুই অভিযুক্তক ঘটনাস্থলীৰ পৰা আন এটা স্থানলৈ লৈ গৈছিল। সেই সময়তে দুয়োজনে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ লগতে আৰক্ষী কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয়। পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে গুলীচালনা কৰে।
এই গুলীচালনাত ৰাজু দাস আৰু আমিৰ দাস আহত হয়। পিছত দুয়োজনকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত (AMCH) ভৰ্তি কৰোৱা হয়। আনহাতে, অভিযুক্তৰ সৈতে হোৱা সংঘৰ্ষত মনোজ লাহন আৰু নিতুল শইকীয়া নামৰ দুজন কনিষ্টবলো আহত হয়। তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে বিতং তথ্য প্ৰকাশ পোৱা নাই।
পুত্ৰই অপৰাধ কৰিলে শাস্তি পাবই লাগিব, আৰক্ষীৰ গুলীচালনাক লৈও উদ্বিগ্ন পিতৃ
আৰক্ষীৰ গুলীত আহত হোৱা অভিযুক্ত আমিৰ দাসৰ পিতৃ অজেন দাসে পুত্ৰৰ অপৰাধৰ বাবে শাস্তি বিচৰাৰ লগতে আৰক্ষীৰ গুলীচালনাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে(Duliajan triple murder)।
অজেন দাসৰ স্পষ্ট কথা, পুত্ৰই যদি অপৰাধ কৰিছে, তেন্তে তেওঁ কঠোৰতম শাস্তি পালেও পৰিয়ালৰ আপত্তি নাই। কিন্তু কাৰো জীৱন এইদৰে শেষ কৰি দিয়াটো উচিত নহয় বুলিও মন্তব্য কৰে তেওঁ। পুত্ৰই ভুল কাম কৰা বুলি স্বীকাৰ কৰিও আৰক্ষীৰ গুলীচালনাৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে পিতৃগৰাকীয়ে।
পিতৃৰ ভাষ্য অনুসৰি, আমিৰে ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত কামলৈ যোৱা বুলি জনাইছিল। তাৰ পিছত তেওঁৰ ক’ত আছে বা কি কৰি আছে, সেই বিষয়ে পৰিয়ালৰ লোক অৱগত নাছিল। আনকি আৰক্ষীৰ অভিযানৰ বিষয়েও ঘটনাৰ দিনা পুৱাহে আন এজন লোকৰ জৰিয়তে জানিবলৈ পাইছিল পৰিয়ালটোৱে (Duliajan triple murder)।
পৰিয়ালটোৱে স্মাৰ্টফোন ব্যৱহাৰ নকৰে বুলি উল্লেখ কৰি অজেন দাসে কয় যে, পুত্ৰৰ সৈতে জড়িত ঘটনাৰ কোনো আগতীয়া তথ্য তেওঁলোকৰ হাতত নাছিল।
দুলীয়াজানৰ তিনিজনীয়া হত্যাকাণ্ডক কেন্দ্ৰ কৰি চলি থকা তদন্তৰ মাজতে অভিযুক্তৰ পিতৃৰ এই মন্তব্যই ঘটনাটোক নতুন মাত্ৰা প্ৰদান কৰিছে।
লগতে পঢ়ক: Kaziranga road accident: কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনা: নিহতৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰীৰ
