Assam ISRO Scientist SC: ঢকুৱাখনাৰ পৰা মহাকাশ গৱেষণাৰ বিশাল পৃথিৱীলৈ, সত্যজিৎ কামানৰ প্ৰেৰণাদায়ক যাত্ৰা
Assam ISRO Scientist SC: অসমৰ বাবে গৌৰৱৰ খবৰ! ২২ বছৰতে ISROৰ Scientist পদত নিৰ্বাচিত লখিমপুৰৰ যুৱক।
মহাকাশৰ ৰহস্য ভেদ কৰাৰ সপোন, আৰু সেই সপোন পূৰণৰ দিশে প্ৰথমটো ডাঙৰ খোজ। মাত্ৰ ২২ বছৰ বয়সতে দেশৰ মহাকাশ গৱেষণা সংস্থা ISROত Scientist/Engineer ‘SC’ হিচাপে নিৰ্বাচিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে লখিমপুৰৰ যুৱক সত্যজিৎ কামানে। ঢকুৱাখনাৰ এখন সৰু গাঁৱৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই এতিয়া লাভ কৰিছে ৰাষ্ট্ৰীয় পৰিচয় (Assam ISRO Scientist SC)।
লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বালিচাপৰি গাঁৱৰ সত্যজিতৰ এই সাফল্যত আনন্দিত হৈ পৰিছে তেওঁৰ পৰিয়াল, আত্মীয়-স্বজন আৰু অঞ্চলবাসী। এখন গ্ৰাম্য গাঁৱৰ পৰা আৰম্ভ হোৱা তেওঁৰ শৈক্ষিক যাত্ৰাই এইবাৰ স্থান লাভ কৰিছে দেশৰ অন্যতম গুৰুত্বপূৰ্ণ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানত।
সত্যজিতৰ শিক্ষাৰ যাত্ৰা আৰম্ভ হৈছিল গোগামুখত। তাতেই স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণৰ বাবে তেওঁ নগাঁৱলৈ যায়। নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত বিজ্ঞান শাখাত অধ্যয়ন কৰি ২০২৩ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সমগ্ৰ অসমৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিছিল সত্যজিতে (Assam Satyajit Kaman ISRO)।
সেই সফলতাৰ জৰিয়তে তেতিয়াই ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থীসকলৰ মাজত বিশেষভাৱে চৰ্চিত হৈছিল তেওঁ। এইবাৰ ISROৰ Scientist/Engineer ‘SC’ পদত নিৰ্বাচিত হৈ নিজৰ শৈক্ষিক প্ৰতিভাৰ আন এক পৰিচয় দাঙি ধৰিলে সত্যজিতে।
নিৰ্বাচনৰ খবৰ লাভ কৰাৰ পাছতে নিজৰ আনন্দ প্ৰকাশ কৰি সত্যজিতে এই যাত্ৰাত সহায় কৰা শিক্ষক-শিক্ষয়িত্ৰী আৰু শুভাকাংক্ষীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, “মই নিজকে অত্যন্ত সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। মোৰ সকলো শিক্ষক আৰু এই যাত্ৰাত মোৰ কাষত থিয় দিয়া প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জনাইছোঁ।”
আনহাতে, পুত্ৰৰ এনে সাফল্যত আনন্দত আত্মহাৰা হৈ পৰিছে পিতৃ-মাতৃও। সত্যজিতৰ এই কৃতিত্বই পৰিয়ালটোৰ লগতে তেওঁৰ জন্মভূমি বালিচাপৰি গাঁওখনলৈও সুনাম কঢ়িয়াই আনিছে।
এই সফলতা কেৱল এজন যুৱকৰ ব্যক্তিগত কৃতিত্বতে সীমাবদ্ধ নহয়। অসমৰ গ্ৰামাঞ্চলৰ বহু শিক্ষাৰ্থীৰ বাবেও ই এক প্ৰেৰণাৰ উৎস। বিজ্ঞান, অভিযান্ত্ৰিক আৰু মহাকাশ গৱেষণাৰ দৰে প্ৰতিযোগিতামূলক ক্ষেত্ৰত কেৰিয়াৰ গঢ়াৰ সপোন দেখা শিক্ষাৰ্থীসকলৰ বাবে সত্যজিতৰ যাত্ৰা বিশেষভাৱে উৎসাহজনক।
২০২৩ চনত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰাৰ পৰা ISROত নিৰ্বাচিত হোৱালৈকে সত্যজিতে নিজৰ শৈক্ষিক যাত্ৰাত কেইবাটাও গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। তেওঁৰ এই সফলতাৰ আঁৰত পিতৃ-মাতৃৰ উৎসাহ, শিক্ষাগুৰুসকলৰ দিহা-পৰামৰ্শ আৰু শুভাকাংক্ষীসকলৰ সহযোগিতাৰ কথাও বিশেষভাৱে উল্লেখযোগ্য।
এতিয়া দেশৰ মহাকাশ গৱেষণাৰ সৈতে জড়িত এক প্ৰতিষ্ঠানত নতুন কৰ্মজীৱন আৰম্ভ কৰিবলৈ আগবাঢ়িছে লখিমপুৰৰ এইগৰাকী যুৱক। সত্যজিতৰ এই সাফল্যই অসমৰ যুৱ প্ৰজন্মৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ নতুন উৎসাহ যোগাব বুলি আশা কৰিব পাৰি (Assam Youth Inspirational Journey)।
কি এই ISROৰ Scientist/Engineer ‘SC’ পদ?
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO হৈছে দেশৰ মহাকাশ গৱেষণা আৰু প্ৰযুক্তি বিকাশৰ দায়িত্বত থকা অন্যতম প্ৰধান প্ৰতিষ্ঠান। ১৯৬৯ চনৰ ১৫ আগষ্টত প্ৰতিষ্ঠা হোৱা এই সংস্থাটোৰ ভেটি গঢ়াত বিশেষ ভূমিকা পালন কৰিছিল ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ পিতৃস্বৰূপ ড০ বিক্ৰম চাৰাভাইয়ে। প্ৰতিষ্ঠানটোৱে ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ অধীনত কাম কৰে আৰু ইয়াৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত।
উপগ্ৰহ যোগাযোগ, পৃথিৱী পৰ্যবেক্ষণ, বতৰ পূৰ্বানুমান, নেভিগেচন, বৈজ্ঞানিক গৱেষণা আৰু মহাকাশ অভিযানৰ ক্ষেত্ৰত ISROৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। PSLV আৰু GSLVৰ দৰে উৎক্ষেপণ বাহনৰ বিকাশৰ পৰা আৰম্ভ কৰি চন্দ্ৰযান, মংগলযান আৰু আদিত্য-L1 অভিযানলৈকে ভাৰতৰ মহাকাশ যাত্ৰাত সংস্থাটোৱে বহু উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে।
ISROৰ Scientist/Engineer ‘SC’ হৈছে বিজ্ঞানী আৰু অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ এক প্ৰৱেশ পৰ্যায়ৰ পদ। এই পদত নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলে নিজৰ বিশেষজ্ঞতা অনুসৰি মহাকাশ প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গৱেষণামূলক কাম-কাজত অংশগ্ৰহণ কৰে। এই পদটো কেন্দ্ৰীয় চৰকাৰৰ দৰমহা গাঁথনিৰ Level 10ৰ অন্তৰ্গত।
ISROৰ বিজ্ঞানী হ’বলৈ কেনেধৰণৰ বাছনি প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে?
ISROৰ Scientist/Engineer ‘SC’ পদত নিযুক্তি লাভ কৰাটো যথেষ্ট প্ৰতিযোগিতামূলক। নিৰ্দিষ্ট শিক্ষাগত অৰ্হতা পূৰণ কৰা প্ৰাৰ্থীসকলক বিভিন্ন পৰ্যায়ৰ বাছনি প্ৰক্ৰিয়াৰ মাজেৰে নিৰ্বাচন কৰা হয়।
সাধাৰণতে সংশ্লিষ্ট অভিযান্ত্ৰিক বিষয়ত নিৰ্ধাৰিত অৰ্হতা থকা প্ৰাৰ্থীয়ে এই পদৰ বাবে আবেদন কৰিব পাৰে। নিযুক্তিৰ জাননী আৰু বিভাগ অনুসৰি যোগ্যতাৰ চৰ্ত সলনি হ’ব পাৰে।
বাছনিৰ ক্ষেত্ৰত মূলতঃ দুটা পদ্ধতি দেখা যায়—
- GATEৰ নম্বৰৰ ভিত্তিত বাছনি: নিৰ্দিষ্ট অভিযান্ত্ৰিক বিষয়ত ডিগ্ৰীধাৰী আৰু বৈধ GATE স্ক’ৰ থকা প্ৰাৰ্থীক তেওঁলোকৰ নম্বৰৰ ভিত্তিত সাক্ষাৎকাৰৰ বাবে নিৰ্বাচন কৰা হ’ব পাৰে।
- লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰ: আন এক পদ্ধতিত প্ৰথমে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হয়। এই পৰীক্ষাত নিৰ্বাচিত প্ৰাৰ্থীসকলক পৰৱৰ্তী পৰ্যায়ত সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হয়।
অৱশ্যে, কোনটো পদ্ধতিৰে বাছনি কৰা হ’ব আৰু প্ৰাৰ্থীৰ বাবে কি কি অৰ্হতা প্ৰয়োজন হ’ব, সেয়া সংশ্লিষ্ট নিযুক্তিৰ বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰ কৰে।
মাত্ৰ ২২ বছৰ বয়সতে ISROৰ দৰে প্ৰতিষ্ঠানত Scientist/Engineer হিচাপে নিৰ্বাচিত হোৱাটো সত্যজিৎ কামানৰ বাবে এক উল্লেখযোগ্য সফলতা।
লগতে পঢ়ক: Indian Panorama 2026: IFFI 2026ত অসমৰ ‘ৰেড কাৰ্পেট’ আৰু অৰুণাচলৰ ‘উৰুম’ৰ বিশেষ সাফল্য
