Voice of Eastern India

শিক্ষামন্ত্ৰী পেগুৰ সৈতে অসম সাহিত্য সভাৰ বৈঠক

সভাপতি ড° বসন্ত গোস্বামীৰ নেতৃত্বত নতুন পদক্ষেপ গ্ৰহণ

 


শিক্ষামন্ত্ৰী পেগুৰ সৈতে অসম সাহিত্য সভাৰ বৈঠক

দিছপুৰ ৭ জুলাই: অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী, উপসভাপতি শ্ৰীপদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক শ্ৰীদেৱজিৎ বৰাৰ নেতৃত্বত যোৱা এটি প্ৰতিনিধি দলে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে প্ৰায় এঘণ্টাজোৰা এক বিশেষ আলোচনাত মিলিত হয়।

উল্লেখ্য যে, এই আলোচনাত বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত বহুতো গুৰুত্বপূৰ্ণ সমস্যা আৰু প্ৰাসংগিক বিষয় সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।

ইয়াৰ উপৰিও, অসম সাহিত্য সভাই প্ৰকাশ কৰা অসমীয়া ভাষা, সাহিত্য, ইতিহাস, বিজ্ঞান, সংস্কৃতি আৰু জ্ঞানৰ বিশাল ভঁৰাল বিশ্বকোষ’ৰ লগতে বহুতো দুৰ্লভ আৰু দুষ্প্ৰাপ্য গ্ৰন্থৰ এক মূল্যৱান সম্ভাৰ আগবঢ়ায়।

আলোচনাৰ অন্তত শিক্ষামন্ত্ৰীয়ে অসম সাহিত্য সভাৰ ভাষা-সাহিত্য, শিক্ষা, সংস্কৃতি আৰু জাতীয় চেতনাৰ বিকাশমূলক সকলো কাৰ্যসূচীত প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱাৰ আন্তৰিক প্ৰতিশ্ৰুতি ব্যক্ত কৰে। আৰু বিশ্বকোষ আৰু দুষ্প্ৰাপ্য গ্ৰন্থসমূহ প্ৰকাশ কৰাত সন্তুষ্টি প্ৰকাশ কৰে৷

Leave A Reply

Your email address will not be published.