Voice of Eastern India

বন মহোৎসৱত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

জন্ম দিনত এজোপাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান

‘বন মহোৎসৱ, ২০২৬’-ৰ আজি অন্তিম দিনত ডিমৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত টোপাতলীত ‘জন্মদিন সেউজ শপত উদ্যান’ৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গদৰ্শনত সেউজ পৃথিৱীৰ ধাৰণাৰে ৰাজ্যখনৰ প্রতিটো সমষ্টিতে একোখনকৈ ‘জন্মদিন সেউজ শপত উদ্যান’ নিৰ্মাণ কৰাৰ ব্যৱস্থা লোৱা হৈছে। প্ৰতিটো সমষ্টিৰ প্রতিগৰাকী লোকে নিজৰ জন্মদিনটোত এনে উদ্যানত এজোপাকৈ গছপুলি ৰোপণ কৰিব পাৰিব। এই উদ্যানসমূহৰ গছপুলিসমূহৰ পৰিচৰ্যাৰ দায়িত্ব বন বিভাগে ল’ব। অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ এই পদক্ষেপে সময়ত ৰাজ্যখনৰ সেউজীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আশা ব্যক্ত কৰে।

উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানতে একাধিক শিশুৰ অভিভাৱকে তেওঁলোকৰ সন্তানৰ জন্মদিন উপলক্ষে গছপুলি ৰোপণ কৰে। অনুষ্ঠানত মাননীয় বিধায়ক ডাঃ তপন দাস, জিলা পৰিষদৰ অধ্যক্ষ শ্রীমতী মিতালী কলিতা তথা বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.