দ্বীপেন শৰ্মাক সাহসী বঁটা প্ৰদান
অখিল ভাৰতীয় গো-ৰক্ষা মহাসংঘ অসম ৰাজ্যিক সমিতিৰ সভাপতি দীপেন
দ্বীপেন শৰ্মাক সাহসী বঁটা প্ৰদান শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত
এ.বি.কে.কে. নিউজ, মঙ্গলদৈ, ৫ জুলাই ২০২৬ : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত গোধনৰ জীৱন সুৰক্ষাৰ বাবে আমি অখিল ভাৰতীয় গো-ৰক্ষা মহাসংঘ অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা অনুসন্ধানৰ লগতে পুনৰুদ্ধাৰ কৰি গোশালা স্থাপন কৰাৰ বাবে আমি বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰৰ সংঘাতৰ সন্মূখীন হৈছিলো। তথাপি ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি থকা গৌৰৱী সনাতনীৰ এগৰাকী সৈনিক হিচাবে গো-ৰক্ষা সংগ্ৰাম অবিৰত চলিব ইয়াত কোনো দ্বিমত নাই। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ কৰা নিৰ্ভীকতাৰে কৰা সংগ্ৰামক চিনাক্ত কৰি আমাৰ দৰে সাধাৰণ যুৱকক সাহসী বঁটা প্ৰদান কৰা বাবে উদ্যোক্তা আৰু নিৰ্বাচক মণ্ডলীক বহু কৃতজ্ঞতা জনালোঁ – এই মন্তব্য আগবঢ়াইছে অখিল ভাৰতীয় গো-ৰক্ষা মহাসংঘ অসম ৰাজ্যিক সমিতিৰ সভাপতি দ্বীপেন শৰ্মাই। শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ বাগ্মিবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত ৫ জুলাইৰ দিনা বিজেপিৰ মুখপাত্ৰ তথা যুৱ সমাজকৰ্মী ধৰ্মকান্ত গগৈৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত মঙ্গলদৈৰ নিৱাসী হৰিশচন্দ্ৰ শৰ্মা আৰু ৰেৱতী দেৱীৰ সুযোগ্য সন্তান দ্বীপেন শৰ্মাক ২০২৬ বৰ্ষৰ সাহসী বঁটাৰে সন্মানিত কৰাত উষ্ম অভিনন্দন জনাইছে কন্দৰ্প কলিতা,গীতিকা কাকতি, দীপাংকৰ শৰ্মা, গৌতম শৰ্মা ইত্যাদিয়ে।

