Voice of Eastern India

Dolu Greenfield Airport: বৰাকৰ আকাশত নতুন সম্ভাৱনা!


Dolu Greenfield Airport:  বৰাক উপত্যকাৰ যোগাযোগ ব্যৱস্থাত নতুন দিগন্তৰ সূচনা। কাছাৰৰ ডলুত ২,০১৪ কোটি টকা ব্যয়ে গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন।

উত্তৰ-পূব ভাৰতৰ বিমান সংযোগ আৰু অধিক উন্নত কৰাৰ বাবে কেন্দ্ৰই এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট সমিতিয়ে (CCEA) ২৫ নৱেম্বৰত কাছাৰ জিলাৰ ডলুত ২,০১৪ কোটি টকা ব্যয় সাপেক্ষে এটা নতুন গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণত অনুমোদন জনায়( Dolu Greenfield Airport)।

অসমৰ কাছাৰ জিলাত অৱস্থিত ডলু বৰাক উপত্যকাৰ অন্যতম উল্লেখযোগ্য অঞ্চল। এই অঞ্চলত চাহ বাগিচা, কৃষিভিত্তিক উদ্যোগ, আৰু পৰ্যটনৰ অপৰিসীম সম্ভাৱনা আছে(Dolu Greenfield Airport)। কিন্তু উন্নত বিমান সংযোগৰ অভাৱ এই অঞ্চলৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি এক ডাঙৰ বাধা হিচাপে বিবেচিত হৈ আহিছে।

প্ৰস্তাৱিত বিমানবন্দৰটোৱে প্ৰতিৰক্ষা অসামৰিক এনক্লেভ হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰ্তমানৰ শিলচৰ বিমানবন্দৰৰ কাৰ্যকৰী আৰু স্থান সম্পৰ্কীয় সীমাবদ্ধতাসমূহ দূৰ কৰিব বুলি আশা কৰা হৈছে, লগতে দক্ষিণ অসম আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বিমান যাত্ৰাৰ বৰ্ধিত চাহিদা পূৰণ কৰিব(Dolu Greenfield Airport) ।

কেবিনেট বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে নতুন বিমানবন্দৰটোত ব্যস্ত সময়ছোৱাত ৮০০ যাত্ৰী পৰিচালনা কৰাৰ ক্ষমতা থাকিব, আৰু ইয়াৰ বাৰ্ষিক যাত্ৰী পৰিচালনাৰ ক্ষমতা হ’ব ১.০১ নিযুত (১০.১ লাখ) হ’ব।(Dolu Greenfield Airport)

এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি, এই প্ৰকল্পটো ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ (AAI) অভ্যন্তৰীণ পুঁজিৰ দ্বাৰা সম্পূৰ্ণৰূপে বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব।

প্ৰস্তাৱিত টাৰ্মিনেল ভৱনটো ১২,৩৫১ বৰ্গমিটাৰ এলেকাজুৰি বিস্তৃত হ’ব আৰু ইয়াত আধুনিক যাত্ৰী সুবিধা, বহনক্ষম সেউজ ভৱন নীতি আৰু ভৱিষ্যতে সম্প্ৰসাৰণৰ (মডিউলাৰ এক্সপেনচন) ব্যৱস্থা থাকিব।(Dolu Greenfield Airport)

এই প্ৰকল্পটোত এ-৩২০ (A-320) বিমান চলাচলৰ বাবে উপযোগী ২,৭০৫ মিটাৰ দীঘল আৰু ৪৫ মিটাৰ বহল ক’ড-৪চি (Code-4C) মানদণ্ডৰ ৰানৱে নিৰ্মাণৰ কথাও অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও ছখন এ-৩২০ বিমান ৰাখিব পৰা এটা নতুন এপ্ৰন আৰু এটা পৃথক আইচ’লেচন বে’ (isolation bay) নিৰ্মাণ কৰা হ’ব।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে  কয় যে নতুন বিমানবন্দৰটোৱে পৰ্যটনক উৎসাহিত কৰাৰ লগতে বৰাক উপত্যকা আৰু কাষৰীয়া উত্তৰ-পূৰ্বাঞ্চলীয় এলেকাসমূহৰ সৈতে যোগাযোগ ব্যৱস্থা উন্নত কৰিব।

লগতে পঢ়ক: Rangia Defence Project: প্ৰতিৰক্ষা উদ্যোগৰ মানচিত্ৰত অসমৰ প্ৰৱেশ, ৰঙিয়াত মুখ্যমন্ত্ৰীৰ ভূমি পূজন



Source link

Leave A Reply

Your email address will not be published.