Jonai News: বিপদসংকুল দলঙেই বিদ্যালয়লৈ যোৱাৰ বাট! মুখ্যমন্ত্ৰীক সহায়ৰ কাতৰ আহ্বান কণ কণ শিক্ষাৰ্থীৰ
Jonai News: এখন দলঙৰ অভাৱত বিপন্ন কণ কণ শিশুৰ ভৱিষ্যৎ! মুখ্যমন্ত্ৰীলৈ মৰ্মস্পৰ্শী আবেদন।
বিদ্যালয়লৈ যোৱাৰ বাটত প্ৰতিদিনে এক অনিশ্চিত যাত্ৰা। হাতত কিতাপৰ বেগ লৈ পঢ়াশালিলৈ যোৱা শিশুসকলৰ বাবে নদী পাৰ হোৱাটোৱেই যেন এক ডাঙৰ প্ৰত্যাহ্বান। কাৰণ, তেওঁলোকৰ গাঁৱত নাই এখন নিৰাপদ দলং। আছে কেৱল জৰাজীৰ্ণ বাঁহৰ ওলোমা দলং। এই দুৰৱস্থাৰ পৰা মুক্তি বিচাৰিয়েই এইবাৰ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিছে জোনাইৰ কণ কণ শিক্ষাৰ্থীসকল (Jonai News)।
জোনাইৰ নাহৰ-জেলেম গাঁৱৰ শিশুসকলৰ এই আৱেদনে উন্মোচন কৰিছে গ্ৰামাঞ্চলৰ যাতায়ত ব্যৱস্থাৰ এক কৰুণ ছবি। চিলে নদীৰ ওপৰত থকা বাঁহৰ দলংখনেই গাঁওখনৰ সৈতে আন অঞ্চলৰ যোগাযোগৰ একমাত্ৰ মাধ্যম। কিন্তু দলংখনৰ জৰাজীৰ্ণ অৱস্থাই প্ৰতিদিনে বিপদৰ মাজলৈ ঠেলি দিছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি গাঁওবাসীক।
এখন স্থায়ী দলঙৰ অভাৱত বহুদিন ধৰি জীয়াতু ভুগি আহিছে অঞ্চলটোৰ ৰাইজে। বিশেষকৈ কণ কণ শিশুসকলে বিদ্যালয়লৈ যাবলৈ হ’লে বিপদৰ আশংকা নেওচি এই দুৰ্বল দলংখন পাৰ হ’ব লাগে। সেয়ে এতিয়া তেওঁলোকৰ এটাই দাবী- গাঁওখনত এখন পকী দলং নিৰ্মাণ কৰি দিয়া হওক। মুখ্যমন্ত্ৰীক উদ্দেশ্যি শিক্ষাৰ্থীসকলে জনোৱা এই আহ্বানত তেওঁলোকৰ দৈনন্দিন সমস্যাৰ ছবিখন স্পষ্ট হৈ পৰিছে (Jonai Bridge Problem)।

সমস্যা কেৱল শিক্ষাৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়। কোনো লোক হঠাৎ অসুস্থ হ’লে বা জৰুৰী চিকিৎসাৰ প্ৰয়োজন হ’লে ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো হাৰাশাস্তিৰ সন্মুখীন হয় পৰিয়ালৰ লোক। স্থানীয় এগৰাকী বাসিন্দাৰ মতে, দলংখনৰ অভাৱত শিক্ষাৰ্থীৰ লগতে ৰোগী আৰু সাধাৰণ ৰাইজৰ যাতায়ততো যথেষ্ট অসুবিধা হয় (Jonai Students Demand Bridge)।
আনহাতে, দলংখন নিৰ্মাণৰ বাবে পূৰ্বৰে পৰা দাবী জনাই অহা হৈছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা কোনো ইতিবাচক সঁহাৰি লাভ কৰা নাই বুলি অভিযোগ কৰিছে গাঁওবাসীয়ে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে বছৰত কেইবাবাৰো ৰাইজে নিজাববীয়াকৈ ধন সংগ্ৰহ কৰি বাঁহৰ দলংখন মেৰামতি কৰিবলগীয়া হয়।
মন কৰিবলগীয়া যে, কেইবছৰমান পূৰ্বে মিচিং স্বায়ত্তশাসিত পৰিষদৰ আবণ্টিত পুঁজিৰে দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। কিন্তু সেই কাম আধৰুৱা হৈ থকাৰ ফলত আজিও এখন নিৰাপদ দলঙৰ সুবিধা লাভ নকৰিলে গাঁওবাসীয়ে।
ইফালে, দলঙৰ অভাৱত গাঁওখনৰ লোকসকলৰ বাবে শিক্ষা গ্ৰহণ, চিকিৎসা সেৱা লাভ, বজাৰলৈ যোৱা আৰু জোনাই সদৰলৈ যাতায়ত কৰাটোও এক ডাঙৰ সমস্যাত পৰিণত হৈছে। এনে পৰিস্থিতিত চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই কেতিয়া এই সমস্যাৰ প্ৰতি গুৰুত্ব দিব, সেয়াই এতিয়া নাহৰ-জেলেম গাঁৱৰ ৰাইজৰ প্ৰশ্ন। কণ কণ শিক্ষাৰ্থীসকলৰ সৰল আহ্বানৰ পিছত হ’লেও গাঁওখনত এখন পকী দলং নিৰ্মাণৰ ব্যৱস্থা কৰা হ’বনে?
