Lachit Diwas 2026: লাচিতৰ দেশপ্ৰেমে আজিও দিয়ে প্ৰেৰণা, জন্ম বাৰ্ষিকীত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে?
Lachit Diwas 2026: ‘অসমৰ শক্তি আৰু সাহসৰ প্ৰতীক লাচিত’, বীৰ সেনাপতিক স্মৰণ প্ৰধানমন্ত্ৰীৰ।
অসমৰ ইতিহাসৰ সোণালী অধ্যায়ত নিজৰ নাম খোদিত কৰি থৈ যোৱা বীৰ লাচিত বৰফুকনক জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোগলৰ বিৰুদ্ধে যুঁজ দি অসমৰ স্বাধীনতা আৰু স্বাভিমান ৰক্ষাৰ বাবে লাচিত বৰফুকনে দেখুওৱা সাহস, বীৰত্ব আৰু নেতৃত্বক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
মঙলবাৰে লাচিত দিৱস উপলক্ষে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X-ত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে লাচিত বৰফুকনৰ দেশপ্ৰেম, অদম্য সাহস আৰু দৃঢ় সংকল্প আজিও প্ৰতিটো প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস। তেওঁৰ নেতৃত্বই অসমৰ জনসাধাৰণৰ শক্তি আৰু সাহসৰ পৰিচয় দাঙি ধৰিছিল বুলিও উল্লেখ কৰে মোদীয়ে।
লগতে লাচিত বৰফুকনৰ দৰে এগৰাকী বীৰ সন্তানক জন্ম দিয়া অসমৰ ভূমিৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে (PM Modi tribute to Lachit Borphukan)।
পোষ্টটোত মোদীয়ে বিশেষভাৱে উল্লেখ কৰে গুৱাহাটী পুনৰ উদ্ধাৰৰ ইতিহাস। মোগল বাহিনীয়ে নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰি গুৱাহাটী দখল কৰিছিল যদিও লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই মোগলক পৰাস্ত কৰি গুৱাহাটীৰ স্বাধীনতা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। এই পৰাজয়ৰ পোতক তুলিবলৈ মোগল সম্ৰাট ঔৰংজেৱে কেইবাবাৰো চেষ্টা চলাইছিল যদিও সফল হোৱা নাছিল।
১৬৭১ চনৰ ঐতিহাসিক শৰাইঘাটৰ যুদ্ধৰ প্ৰসংগও উত্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁৰ মতে, লাচিত বৰফুকনে দেশৰ স্বাৰ্থক সকলোতকৈ ওপৰত স্থান দিছিল। সেনাবাহিনীৰ প্ৰতিগৰাকী সৈনিকৰ মনত দেশপ্ৰেম আৰু যুঁজাৰু মনোভাব জগাই তোলাত তেওঁৰ নেতৃত্বই বিশেষ ভূমিকা লৈছিল।
মোদীয়ে লগতে কয় যে সৈনিকসকলৰ মনোবলেই বিজয়ৰ প্ৰকৃত ভেটি। দেশক প্ৰথম স্থান দিয়াৰ লাচিত বৰফুকনৰ এই আদৰ্শ আজিও দেশৰ অগ্ৰগতিৰ পথত প্ৰাসংগিক হৈ আছে।
লগতে পঢ়ক: New Assam Bhawan: দেশৰ ৰাজধানীত অসমৰ লোকৰ বাবে বিশেষ উপহাৰ: মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে
