Guwahati News: ২৫ লাখ টকা লৈ ক’লৈ গৈছিল বিশ্বজিৎ? ৰে’লপথত উদ্ধাৰ মৃতদেহক লৈ ৰহস্য।
গুৱাহাটীৰ নাৰেংগী ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ হোৱা এটা মৃতদেহক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ। মৃতদেহটোৰ কাষতে উদ্ধাৰ হৈছিল প্ৰায় ২৫ লাখ টকা নগদ ধন। অৱশেষত আৰক্ষীয়ে মৃত লোকজনৰ পৰিচয় নিশ্চিত কৰিছে। তেওঁৰ নাম বিশ্বজিৎ দেৱনাথ। ৪১ বছৰীয়া লোকজনৰ মৃত্যুৰ আঁৰত কি কাৰণ আছে আৰু তেওঁৰ হাতলৈ ইমান বৃহৎ পৰিমাণৰ ধন কেনেকৈ আহিল, সেই কথা জানিবলৈ তদন্ত অব্যাহত ৰাখিছে ৰে’ল আৰক্ষীয়ে (Guwahati News)।
শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ৰে’লপথৰ ওপৰত পৰি থকা অৱস্থাত স্থানীয় লোকে লোকজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰে। লগে লগে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় ৰে’ল আৰক্ষীৰ দল। মৃতদেহ উদ্ধাৰৰ সময়তে কাষত প্ৰায় ২৫ লাখ টকা নগদ ধনো লাভ কৰে আৰক্ষীয়ে। এই বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হোৱাৰ পিছতে ঘটনাটোৱে অধিক ৰহস্যৰ সৃষ্টি কৰিছে (Guwahati dead body case)।
আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত জানিব পৰা মতে, বিশ্বজিৎ দেৱনাথে গুৱাহাটীৰ পৰা শ্ৰীভূমিলৈ যোৱাৰ কথা আছিল। কিন্তু ভুলবশতঃ তেওঁ কলংপাৰ যাত্ৰীবাহী ৰে’লত উঠিছিল। তদুপৰি তেওঁৰ হাতত ৰে’লৰ টিকট নাছিল বুলিও তদন্তত প্ৰকাশ পাইছে।
ঘটনাৰ আগমুহূৰ্তত লোকজন ক’লৈ গৈছিল বা কোনখন ৰে’লত উঠিছিল, সেই তথ্য বিচাৰি গুৱাহাটী ৰে’ল ষ্টেচনৰ চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰে তদন্তকাৰী বিষয়াসকলে। কিন্তু ফুটেজত তেওঁক কোনো ৰে’লত উঠা বা নমা দেখা পোৱা নগ’ল। ফলত তেওঁৰ যাত্ৰাপথৰ এটা গুৰুত্বপূৰ্ণ অংশ এতিয়াও স্পষ্ট হোৱা নাই।
ইফালে, গুৱাহাটীৰ পল্টনবজাৰস্থিত চৰকাৰী ৰে’ল আৰক্ষীয়ে মৃতকৰ পৰিচয় নিশ্চিত কৰিবলৈ শ্বিলঙত বাস কৰা তেওঁৰ ভাতৃৰ সৈতে যোগাযোগ কৰে। এতিয়া আৰক্ষীৰ তদন্তৰ মূল লক্ষ্য হৈছে ২৫ লাখ টকাৰ প্ৰকৃত উৎস বিচাৰি উলিওৱা। এই ধনৰ সৈতে বিশ্বজিৎ দেৱনাথৰ মৃত্যুৰ কিবা সম্পৰ্ক আছে নেকি, সেই দিশটোও চালিজাৰি চাইছে তদন্তকাৰী বিষয়াসকলে।
লগতে পঢ়ক: Guwahati News: মৃত ব্যক্তিৰ মোনাত ২৫ লাখ টকা! নাৰেংগী ৰে’ল ষ্টেচনৰ ঘটনাক লৈ ৰহস্য
