Amritpal Singh Dibrugarh Jail:আইতাকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ পিছত পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ উভতাই অনা হ’ল অমৃতপাল সিঙক।
যোৱা ২১ নৱেম্বৰত অমৃতসৰত আইতাকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰাৰ পাছত ২২ নৱেম্বৰত খাদুৰ চাহিবৰ সাংসদ অমৃতপাল সিঙক পুনৰ অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ ওভতাই অনা হয়। (Amritpal Singh Dibrugarh Jail)
দিল্লীৰ পৰা আহি ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত সিঙক কটকটীয়া নিৰাপত্তাৰ মাজেৰে পুনৰ কাৰাগাৰলৈ লৈ যোৱা হয়, য’ত তেওঁ বৰ্তমান বন্দী হৈ আছে(Amritpal Singh Dibrugarh Jail) । ৰাজ্য চৰকাৰে আৰোপ কৰা কঠোৰ চৰ্তসাপেক্ষে ‘কাষ্টডী পেৰ’ল’ত (আৰক্ষীৰ জিম্মাত সাময়িক মুক্তি) তেওঁ অমৃতসৰত আইতাকৰ শেষকৃত্যত অংশগ্ৰহণ কৰিছিল। অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ভাগ ল’বলৈ তেওঁক কটকটীয়া আৰক্ষী নিৰাপত্তাৰ মাজেৰে নিজ বাসগৃহলৈ লৈ যোৱা হৈছিল।
অমৃতপাল সিঙৰ অধিবক্তা কৰমবীৰ সিং পান্নুৱে কয় যে কাষ্টডী পেৰ’লৰ সময়ত আৰোপ কৰা চৰ্তসমূহে তেওঁক সংবাদ মাধ্যম বা ৰাজহুৱাভাৱে ভাষণ দিয়াত বাধা প্ৰদান কৰিছিল। তেওঁ এই নিষেধাজ্ঞাসমূহক লৈ প্ৰশ্ন উত্থাপন কৰি যুক্তি দৰ্শায় যে এয়া এজন সংসদৰ সদস্য হিচাপে সিঙৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰা ধৰণৰ।(Amritpal Singh Dibrugarh Jail)
ইফালে, তেওঁৰ ভ্ৰমণকালত অমৃতসৰ আৰক্ষীয়ে নিৰাপত্তা আৰু যান-বাহন চলাচলৰ ক্ষেত্ৰত ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছিল। অমৃতসৰ গ্ৰাম্য আৰক্ষী অধীক্ষক (SSP) কঁৱলপ্ৰীত সিং চাহালে কয় যে আদালতৰ নিৰ্দেশনা, পেৰ’লৰ চৰ্ত আৰু স্থানীয় লোকৰ আৱেগৰ প্ৰতি লক্ষ্য ৰাখি আইন-শৃংখলা বজাই ৰখা আৰু যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী মোতায়েন কৰা হৈছিল।(Amritpal Singh Dibrugarh Jail)
উল্লেখ্য যে, উচটনিমূলক আৰু খালিস্তান সমৰ্থক মন্তব্যৰ বাবে গ্ৰেপ্তাৰ হোৱা এজন সহযোগীক মুক্ত কৰাৰ উদ্দেশ্যে ২৩ ফেব্ৰুৱাৰীত অমৃতপাল সিং আৰু তেওঁৰ সমৰ্থকসকলে অজনালা আৰক্ষী থানাত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত ২০২৩ চনৰ এপ্ৰিল মাহত মোগাৰ ৰোডে গাঁৱৰ পৰা সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল।
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (NSA) অধীনত তেওঁৰ বন্দীত্বৰ ম্যাদ ইতিমধ্যে দুবাৰকৈ — ২০২৪ চনৰ এপ্ৰিল আৰু ২০২৫ চনৰ এপ্ৰিল মাহত বৃদ্ধি কৰা হৈছে। শেহতীয়াকৈ ম্যাদ বৃদ্ধি কৰাৰ পাছত সিঙে তেওঁৰ বন্দীত্বক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে।(Amritpal Singh Dibrugarh Jail)
লগতে পঢ়ক: Guwahati News: মৃত ব্যক্তিৰ মোনাত ২৫ লাখ টকা! নাৰেংগী ৰে’ল ষ্টেচনৰ ঘটনাক লৈ ৰহস্য
