Voice of Eastern India

Barpetaroad Raas Mahotsav 2026: ৯৮ বছৰৰ পৰম্পৰা, বৰপেটাৰোডৰ ৰাসক লৈ ব্যাপক প্ৰস্তুতি


Barpetaroad Raas Mahotsav 2026: ৯৮ সংখ্যক বৰপেটাৰোড সাৰ্বজনীন ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি।

শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাস মহোৎসৱক কেন্দ্ৰ কৰি চলিছে ব্যাপক আয়োজন। নামনি অসমৰ অন্যতম বাণিজ্যিক চহৰ বৰপেটাৰোডতো ৰাস মহোৎসৱক লৈ এতিয়া ব্যস্ততা তুংগত। দিনে-নিশাই বৰপেটাৰোড ষ্টেডিয়ামত চলিছে প্ৰস্তুতি।

এইবেলি ৯৮ সংখ্যক বৰ্ষত ভৰি দিছে বৰপেটাৰোড সাৰ্বজনীন ৰাস মহোৎসৱে। প্ৰায় ২ কোটি টকাৰ বৃহৎ বাজেটেৰে ২৪ নৱেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই মহোৎসৱ (Barpetaroad Raas Mahotsav 2026)।

ৰাস মহোৎসৱৰ বাকৰিত থাকিব ৩০০ৰো অধিক দেৱ-দেৱীৰ মৃণ্ময় মূৰ্তি। ইয়াৰ উপৰি দৰ্শনাৰ্থীৰ বাবে আয়োজন কৰা হৈছে বাণিজ্য মেলা, মীনা বজাৰ, সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচীৰ।

আয়োজক সমিতিৰ কাৰ্যসূচী অনুসৰি, ২৪ নৱেম্বৰত বৰপেটাৰোডৰ স্থায়ী ৰাস মন্দিৰ প্ৰাংগণত ধৰ্মীয় পৰম্পৰা আৰু ৰীতি-নীতিৰে আৰম্ভ হ’ব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। এই দিনটোত পূজা-অৰ্চনা, নাম-কীৰ্তন আৰু ভাগৱত পাঠৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব। আনহাতে, ২৫ নৱেম্বৰৰ পৰা বৰপেটাৰোড ষ্টেডিয়ামত আৰম্ভ হ’ব ১৮ দিনীয়া ৰাস মহোৎসৱৰ মেলা (Barpetaroad Sarbajanin Raas Festival)।

২৫ নৱেম্বৰৰ সন্ধিয়া অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে ৰাস মেলাৰ দ্বাৰ উন্মোচন কৰিব।

প্ৰতি বছৰৰ দৰে এইবেলিও প্ৰদান কৰা হ’ব ‘আঠিয়াবাৰী সমন্বয় বঁটা’ আৰু ‘মথুৰামোহন হিতৈষী বঁটা’। এইবাৰ বিশিষ্ট অধিবক্তা ধৰণীধৰ তালুকদাৰক আঠিয়াবাৰী সমন্বয় বঁটা আৰু প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ অধিবক্তা ডেভিড লেজাৰক মথুৰামোহন হিতৈষী বঁটাৰে সন্মানিত কৰা হ’ব।

সাংস্কৃতিক অনুষ্ঠানৰ ক্ষেত্ৰতো এইবাৰৰ ৰাস মহোৎসৱত থাকিব বিশেষ আকৰ্ষণ। বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী সাধনা সৰগম আৰু ছালমান আলীৰ লগতে অসমৰ জনপ্ৰিয় শিল্পী জুৱলী বৰুৱা, পাৰ্থ প্ৰতিম আৰু আকাশ সেনেও সংগীতানুষ্ঠান পৰিৱেশন কৰিব।

ধৰ্মীয় পৰম্পৰা, সাংস্কৃতিক অনুষ্ঠান আৰু বৰ্ণিল মেলাৰ সমাহাৰেৰে এইবাৰৰ ৯৮ সংখ্যক বৰপেটাৰোড সাৰ্বজনীন ৰাস মহোৎসৱে দৰ্শনাৰ্থীক আকৰ্ষণ কৰাৰ আশা কৰিছে আয়োজক সমিতিয়ে।

সৰভোগৰ পৰা গণেশ শ্বাহাৰ প্ৰতিবেদন-

লগতে পঢ়ক: Double Decker Bus Majuli: মাজুলীৰ ৰাজপথত অত্যাধুনিক দুমহলীয়া পুষ্পক: পৰ্যটকৰ মাজত চৰ্চা



Source link

Leave A Reply

Your email address will not be published.