Voice of Eastern India

বাতিল কৰা হ’ল ৪৮ ঘণ্টীয়া চকা বন্ধ


বাতিল হ’ল ২০ নৱেম্বৰৰ পৰা হ’ব লগীয়া ৪৮ ঘণ্টীয়া চকা বন্ধ। পৰিবহণ বিভাগৰ সৈতে হোৱা আলোচনাৰ অন্তত ৪৮ ঘণ্টীয়া চকা বন্ধ প্ৰত্যাহাৰ কৰে।

প্ৰত্যাহাৰ কৰা হ’ল ৪৮ ঘণ্টীয়া চকাবন্ধৰ কাৰ্যসূচী।পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত হোৱা আলোচনাৰ অন্তত বন্ধ প্ৰত্যাহাৰৰ সিদ্ধান্ত মটৰ মালিক আৰু চালক সন্থাৰ । এমাহৰ বাবে বেচৰকাৰী মটৰ শ্ৰমিক আৰু মটৰ মালিক সন্থাৰ চকাবন্ধ কাৰ্যসূচী স্থগিত ৰখা হৈছে।

মটৰ মালিক আৰু চালক সন্থা আৰু পৰিবহণ বিভাগৰ মাজত অনুষ্ঠিত হৈছিল বৈঠকখন। এই বৈঠকত পৰিবহণ বিভাগে এমাহৰ ভিতৰত বন্ধ ঘোষণাকাৰী সংগঠনৰ দাবী মানি লোৱাৰ আশ্বাস দিছে।

SLD সম্পৰ্কীয় জৰিমনা আৰু পুৰণি জৰিমনা সমূহৰ ক্ষেত্ৰতো কাইলৈৰ পৰা এমাহলৈ সকাহ দিয়াৰ আশ্বাস দিছে পৰিবহণ বিভাগে। কেৱল ইমানেই নহয় সৰ্বাধিক এমাহৰ ভিতৰত ভাৰা বৃদ্ধিৰ আশ্বাস পৰিবহণ বিভাগৰ।  

অৱশ্যে এমাহৰ ভিতৰত সমস্যা সমূহ সমাধান নহ’লে পুনৰ বন্ধ ঘোষণা কৰাৰ হুংকাৰ মটৰ মালিক আৰু চালক সন্থাৰ।

লগতে পঢ়ক: Assam Speed Limiter Rule: নিয়ম ভংগ কৰিলেই জব্দ হ’ব বাহন! অসমত বাণিজ্যিক বাহনৰ বাবে নতুন নিয়ম



Source link

Leave A Reply

Your email address will not be published.