যোৰহাটত সেনাৰ চালকক চালান কটাৰ পাছতে বিপদত পৰিছে এগৰাকী MVI
অসমৰ যোৰহাট জিলাত এক পথ সুৰক্ষা অভিযানৰ সময়ত ছিট বেল্ট পৰিধান নকৰাৰ বাবে এজন সেনা চালকক চালান কটাৰ পাছতে বিপদত পৰিছে এগৰাকী মটৰ পৰিবহণ পৰিদৰ্শক (MVI) ।পৰিদৰ্শক গৰাকীক দুদিনৰ বাবে কৰ্তব্যৰ পৰা আঁতৰাই ৰখা হৈছে বুলি জানিব পৰা গৈছে।
যোৱা বুধবাৰে যোৰহাট চহৰৰ ব্যস্ত এ টি ৰোডত থকা আন্তঃৰাজ্যিক বাছ আস্থানৰ (ISBT) সন্মুখত এই ঘটনাটো সংঘটিত হৈছিল। লিচুবাৰীস্থিত যোৰহাট সামৰিক ছাউনীৰ ৪১ ছাব-এৰিয়াৰ অধীনৰ চালক গৰাকী আন এজন কনিষ্ঠ সেনা জোৱানৰ সৈতে কৰ্তব্যত আছিল। ছিট বেল্ট পৰিধান নকৰাৰ বাবেহে এম ভি আই ছামিম চুলতানাই চালকজনৰ বিৰুদ্ধে চালান কাটিছিল। বৈধ ড্ৰাইভিং লাইচেন্স নথকাৰ অভিযোগত চালকজনক জৰিমনা বিহা হোৱা নাছিল বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।
এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, সেনা জোৱানসকলে সেনাৰ ড্ৰাইভিং লাইচেন্স ব্যৱহাৰ কৰি সামৰিক বাহন চলাব পাৰে, কিন্তু অসামৰিক বাহন চলাবলৈ সেই লাইচেন্স ব্যৱহাৰ কৰিব নোৱাৰে। লগতে তেওঁ স্বীকাৰ কৰে যে এম ভি আইগৰাকীয়ে চালকজনক সোধা-পোছা কৰাৰ সময়ত কিছু অভদ্ৰ আচৰণ কৰিছিল আৰু সেয়েহে তেওঁক দুদিনৰ বাবে কৰ্তব্যৰ পৰা আঁতৰাই ৰখা হ’ব।
ইফালে, এম ভি আই আৰু সেনা চালকজনৰ মাজত হোৱা তৰ্ক-বিতৰ্কৰ এটা ভিডিঅ’ পৰৱৰ্তী সময়ত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
এক বিবৃতিত যোৰহাট জিলা প্ৰশাসনে কয় যে চুবুৰীয়া গোলাঘাট জিলাত যোৱা ১৩ নৱেম্বৰত সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাত ২৬ জন লোকে প্ৰাণ হেৰুওৱাৰ পাছত ৰাজ্য চৰকাৰে জিলাসমূহক পথ সুৰক্ষা অভিযান তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছিল।
বিবৃতিটোত কোৱা হৈছে যে নিয়মীয়া তালাচী অভিযানৰ সময়ত প্ৰতিৰক্ষা বিভাগৰ বাহনখনক লৈ হোৱা এই ঘটনাই এক অস্বস্তিকৰ পৰিস্থিতি আৰু কিছু ভুল বুজাবুজিৰ সৃষ্টি কৰিছিল। সেনা জোৱানসকলৰ প্ৰতি হোৱা যিকোনো “অনিচ্ছাকৃত অপমান বা অসুবিধা”ৰ বাবে প্ৰশাসনে দুখ প্ৰকাশ কৰাৰ লগতে সশস্ত্ৰ বাহিনীৰ আৱেগক আঘাত কৰা বা অসন্মান দেখুওৱাৰ কোনো উদ্দেশ্য নাছিল বুলি স্পষ্ট কৰি দিয়ে।
লগতে পঢ়ক: Assam Speed Limiter Rule: নিয়ম ভংগ কৰিলেই জব্দ হ’ব বাহন! অসমত বাণিজ্যিক বাহনৰ বাবে নতুন নিয়ম
