সুধাকণ্ঠৰ জন্ম শতবর্ষ উদযাপনৰ সামৰণী অনুষ্ঠানক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।
ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপনৰ সামৰণী অনুষ্ঠানক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপন স্মৰণীয় কৰি তুলিবলৈ অসম চৰকাৰে ব্যাপক প্রস্তুতি চলাইছে। সামৰণি অনুষ্ঠানক কেন্দ্ৰ কৰি নতুন দিল্লীৰ ভাৰত মণ্ডপমত এতিয়া পূৰ্ণগতিত চলিছে ব্যাপক প্ৰস্তুতি চলি আছে।
অহা ২৯ নৱেম্বৰৰ সন্ধিয়া ৬ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’বলগীয়া এইবিশেষ সমাৰোহত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অংশগ্রহণ কৰিব।সেই দিনটোত নতুন দিল্লীত বৰ্ণাঢ্য কাৰ্যসূটীৰে অনুষ্ঠিত হ’ব সুধাকণ্ঠৰ জন্ম শত বাৰ্ষিকীৰ সামৰণি অনুষ্ঠান।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, এই অনুষ্ঠানতে যশস্বী সংগীত শিল্পী ঊষা মংগেশকাৰক ‘ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা’ প্ৰদান কৰা হ’ব।প্রায় দুঘণ্টাজোৰা এই অনুষ্ঠানৰ প্রথম ৩০ মিনিট বঁটা প্রদান আৰু স্মৃতিচাৰণৰ বাবে ৰখা হৈছে আৰু পৰৱৰ্তী সময়ছোৱাত সুধাকণ্ঠৰ অমৰ সৃষ্টিৰাজিৰে এক বর্ণিল সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰা হ’ব।
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয়, এই অনুষ্ঠানতেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ শিল্পী ক্রমে শ্রেয়া ঘোষাল, শংকৰ মহাদেৱন, অংগৰাগ মহন্ত, কল্পনা পাটোৱাৰী, কবিতা কৃষ্ণমূর্তি, কৌশিকী চক্ৰৱৰ্তী, ড° এল সুব্রমণিয়ম, মহালক্ষ্মী আয়াৰ, ৰাহুল দেশপাণ্ডে আৰু শ্ৰীৰাম চন্দ্ৰ আৰু অসমৰো কেইবাগৰাকীয়েও গীত পৰিৱেশন কৰিব।
এই অনুষ্ঠানৰ এক অন্যতম আকর্ষণ হিচাপে অসমৰ পৰা যোৱা ১০০০ গৰাকী শিল্পীয়ে সুধাকণ্ঠৰ দুটাকৈ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ আৰু ‘উই আৰ ইন দ্য ছেম বোট ব্ৰাডাৰ’ একেলগে পৰিৱেশন কৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।
লগতে পঢ়ক: জুবিন ক্ষেত্ৰত কুণাল গাঞ্জাৱালা; বন্ধুক সুঁৱৰি গালে মায়াবিনী
