Zubeen Garg Birthday: জুবিনৰ জন্মদিনত ‘মায়াবিনী’ৰ বিকৃত ৰূপ! ক্ষুব্ধ অনুৰাগীয়ে মঞ্চৰ পৰা নমালে শিল্পীক।
প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ওপজা দিন উদযাপনৰ মাজতে বুধবাৰে তেজপুৰত সৃষ্টি হ’ল এক অপ্ৰীতিকৰ পৰিস্থিতি। হিয়াৰ আমঠু শিল্পীগৰাকীৰ কালজয়ী গীত ‘মায়াবিনী’ৰ পৰিৱেশনক লৈ ক্ষুব্ধ হৈ পৰিল একাংশ অনুৰাগী। গীতটোৰ মূল সুৰ আৰু পৰিৱেশনশৈলীত পৰিৱৰ্তন অনাক লৈ দৰ্শকৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হয়। আনকি পৰিস্থিতি এনে পৰ্যায় পায়গৈ যে আয়োজকে শিল্পীগৰাকীক মঞ্চৰ পৰাই নমাবলগীয়া হয় (Zubeen Garg Birthday)।
বুধবাৰে (১৮ নৱেম্বৰ) জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে তেজপুৰত আয়োজন কৰা হৈছিল এক বিশেষ অনুষ্ঠান। এই অনুষ্ঠানতে সমৰ বৰা নামৰ এগৰাকী যুৱ শিল্পীয়ে পৰিৱেশন কৰে জুবিন গাৰ্গৰ অতি জনপ্ৰিয় গীত ‘মায়াবিনী’। কিন্তু গীতটোৰ পৰিৱেশনত মূল সুৰ আৰু শৈলীৰ পৰা আঁতৰি যোৱাত আপত্তি দৰ্শায় উপস্থিত একাংশ দৰ্শকে। লাহে লাহে এই অসন্তুষ্টিয়ে তীব্ৰ প্ৰতিবাদৰ ৰূপ লয়।
জুবিন অনুৰাগীৰ প্ৰতিবাদ আৰু ক্ষোভৰ সন্মুখীন হৈ আয়োজকেও মঞ্চৰ পৰাই সমৰ বৰাক সকীয়াই দিয়ে। আনকি দৰ্শকৰ সন্মুখতে ক্ষমা খুজিবলৈও নিৰ্দেশ দিয়ে। পৰৱৰ্তী সময়ত শিল্পীগৰাকীয়ে ৰাজহুৱাভাৱে ক্ষমা বিচাৰে যদিও ইয়াৰ পিছতো একাংশ দৰ্শকৰ অসন্তুষ্টি অব্যাহত থাকে (Zubeen Mayabini Song Controversy)।
জুবিন গাৰ্গৰ গীত অসমৰ মানুহৰ বাবে কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, বৰঞ্চ আৱেগ আৰু পৰিচয়ৰ সৈতে জড়িত। বিশেষকৈ ‘মায়াবিনী’ৰ দৰে গীতে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি শ্ৰোতাৰ হৃদয়ত বিশেষ স্থান দখল কৰি আহিছে। সেয়েহে এই গীতৰ মূল সুৰ আৰু স্বকীয়তাত কৰা পৰিৱৰ্তনক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই বহু অনুৰাগীয়ে।
উল্লেখ্য যে, জুবিন গাৰ্গৰ গীত নতুন ৰূপত পৰিৱেশন কৰাক লৈ ইয়াৰ পূৰ্বেও বিতৰ্কৰ সৃষ্টি হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে বাংলা গায়িকা মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ এটা গীত পৰিৱেশন কৰাক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। আনকি বিতৰ্কৰ পিছতে অসমৰ কেইবাখনো বিহু উদযাপন সমিতিয়ে গায়িকাগৰাকীৰ পূৰ্বনিৰ্ধাৰিত অনুষ্ঠান বাতিল কৰিছিল।
