Karbi Folk Dance: অসমৰ আন এক ঐতিহাসিক সাফল্য। গীনিজ বুকত জিলিকিল কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য।
বিশ্ব দৰবাৰত পুনৰ উজলিল অসমৰ বৰ্ণিল সংস্কৃতি। এইবাৰ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিলে কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্যই। কাৰ্বি আংলঙৰ ডিফুত প্ৰায় ১৫ হাজাৰ শিল্পীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এক বিশাল নৃত্য প্ৰদৰ্শনেৰে গঢ়া হ’ল এই নতুন অভিলেখ।
সোমবাৰে কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ডিফুৰ KASA ষ্টেডিয়ামত আয়োজন কৰা হৈছিল এই বৃহৎ সাংস্কৃতিক অনুষ্ঠান। কাৰ্বি আংলঙৰ ১৭টা জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰে প্ৰায় ১৫ হাজাৰ শিল্পীয়ে একেলগে পৰম্পৰাগত কাৰ্বি লোকনৃত্য পৰিৱেশন কৰে। এই অভূতপূৰ্ব আয়োজনৰ জৰিয়তে কাৰ্বি জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰাই লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি (Karbi Folk Dance)।

উল্লেখ্য যে ১৯৫১ চনৰ ১৭ নৱেম্বৰত কাৰ্বি আংলং জিলাখন প্ৰতিষ্ঠা হৈছিল। জিলাখনৰ ৭৫ বছৰীয়া যাত্ৰা উদযাপনৰ অংশ হিচাপে আয়োজিত এই অনুষ্ঠানত কেৱল কাৰ্বি সংস্কৃতিয়েই নহয়, বিভিন্ন জনগোষ্ঠীৰ মাজত থকা সাংস্কৃতিক ঐক্য আৰু বৈচিত্ৰ্যও প্ৰতিফলিত হয় (Karbi Folk Dance Guinness World Records)।
মন কৰিবলগীয়া যে অসমৰ পৰম্পৰাগত নৃত্য-সংস্কৃতিক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ এয়া প্ৰথমটো প্ৰচেষ্টা নহয়। ইয়াৰ পূৰ্বে বিহু নৃত্যই গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ২০২৩ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১১,০১০গৰাকী বিহুৱা-বিহুৱতী আৰু ঢুলীয়াই একেলগে বিহু প্ৰদৰ্শন কৰি বিশ্ব অভিলেখ গঢ়িছিল।
একেদৰে ২০২৫ চনৰ ২৪ ফেব্ৰুৱাৰীত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ জৰিয়তে চাহ জনগোষ্ঠীৰ ৯,৬৪৮গৰাকী শিল্পীয়ে সৰুসজাইত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি বিশ্ব অভিলেখ গঢ়াৰ প্ৰচেষ্টা চলাইছিল।
ইয়াৰ পিছতে ২০২৬ চনৰ ১৭ জানুৱাৰীত একেখন সৰুসজাই ষ্টেডিয়ামতে ১০ হাজাৰৰো অধিক শিল্পীয়ে বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাগুৰুম্বা নৃত্যৰ বৃহৎ প্ৰদৰ্শনত অংশগ্ৰহণ কৰিছিল।
বিহু, ঝুমুৰ আৰু বাগুৰুম্বাৰ পিছত কাৰ্বি লোকনৃত্যৰ এই সাফল্যই অসমৰ সাংস্কৃতিক পৰিচয়ক পুনৰ এবাৰ বিশ্বৰ মঞ্চত তুলি ধৰিলে। অসমৰ প্ৰতিটো জনগোষ্ঠীৰ নিজস্ব পৰম্পৰা আৰু কলা-সংস্কৃতি যে কিমান চহকী, এই সাফল্যই তাৰেই এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে।
