Voice of Eastern India

Guns N Roses Guwahati Concert: আজি গুৱাহাটীৰ নিশা হ’ব স্মৰণীয়! ‘Guns N’ Roses’ক লৈ উৎকণ্ঠিত সংগীতপ্ৰেমী


Guns N Roses Guwahati Concert: আজি নিশা ৰক সংগীতেৰে কঁপিব গুৱাহাটী! ‘Guns N’ Roses’ক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ বাৰ্তা।

মঙলবাৰে পুৱাৰ পৰাই ডাৱৰে আৱৰি ৰাখিছে গুৱাহাটীৰ আকাশ। কিন্তু সন্ধিয়া হোৱাৰ লগে লগে মহানগৰীৰ পৰিৱেশ সলনি হ’বলৈ গৈ আছে। কিয়নো আজি গুৱাহাটীৰ মঞ্চত সংগীতৰ যাদু প্ৰদৰ্শন কৰিব বিশ্ববিখ্যাত আমেৰিকান ৰক বেণ্ড ‘Guns N’ Roses’-এ। বেণ্ডটোৰ অনুষ্ঠানক লৈ ইতিমধ্যে উৎফুল্লিত হৈ পৰিছে সংগীতপ্ৰেমীসকল (Guns N Roses Guwahati Concert)।

বিশেষ অনুষ্ঠানটোক লৈ উৎসাহৰ মাজতে বেণ্ডটোক অসমলৈ আদৰণি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১৭ নৱেম্বৰত সামাজিক মাধ্যম ‘X’ত এটা পোষ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীবাসীৰ উছাহৰ কথা প্ৰকাশ কৰে (Guwahati Live Concert)।

মুখ্যমন্ত্ৰীয়ে লিখিছে, “আজি নিশা আপোনালোকৰ অনুষ্ঠান উপভোগ কৰিবলৈ গুৱাহাটী অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। ৰঙা নদী আৰু নীলা পাহাৰৰ দেশলৈ আপোনালোকক স্বাগতম।”

কেৱল আদৰণিয়েই নহয়, বেণ্ডটোৰ জনপ্ৰিয় গীত ‘Paradise City’-ৰ প্ৰসংগৰে এক আকৰ্ষণীয় মন্তব্যও কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ লিখিছে, ‘Paradise City’-ৰ নতুন ঠিকনা হ’ব গুৱাহাটী। লগতে বেণ্ডটোৰ মুখ্য কণ্ঠশিল্পী ‘Axl Rose’-ৰ নামৰ সৈতে শব্দৰ খেল কৰি আজিৰ নিশাটো স্মৰণীয় হ’ব বুলি ইংগিত দিছে।

উল্লেখ্য যে ‘Guns N’ Roses’ বিশ্বৰ অন্যতম জনপ্ৰিয় ৰক বেণ্ড। বেণ্ডটোৰ গুৱাহাটীত সংগীতানুষ্ঠান কেৱল অনুৰাগীৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও এক বিশেষ আকৰ্ষণৰ বিষয় হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এনে এটা বেণ্ডৰ অনুষ্ঠানৰ জৰিয়তে গুৱাহাটীও বিশ্ব সংগীতৰ মানচিত্ৰত বিশেষভাৱে চৰ্চালৈ আহিছে।

এতিয়া সকলোৰে অপেক্ষা সন্ধিয়াৰ সেই বিশেষ ক্ষণলৈ। ডাৱৰীয়া বতৰ আঁতৰাই গুৱাহাটীৰ নিশা ৰক সংগীতেৰে কঁপাই তুলিব পাৰিবনে ‘Guns N’ Roses’-এ? সংগীতপ্ৰেমীসকলৰ বাবে আজিৰ নিশাটো নিঃসন্দেহে হ’ব এক স্মৰণীয় অভিজ্ঞতা।

লগতে পঢ়ক: Guwahati Swachh City Award: স্বচ্ছতাৰ ক্ষেত্ৰত গুৱাহাটীৰ নতুন কৃতিত্ব, অসমৰ প্ৰথম ‘স্বচ্ছ চহৰ’ৰ স্বীকৃতি



Source link

Leave A Reply

Your email address will not be published.