Duliajan Triple Murder: দুলীয়াজানত ভয়ংকৰ হত্যাকাণ্ডৰ সন্দেহ! বন্ধ ঘৰৰ ভিতৰত উদ্ধাৰ পিতৃ-মাতৃসহ কন্যাৰ মৃতদেহ।
ডিব্ৰুগড় জিলাৰ দুলীয়াজানত সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ ঘটনা। দুলীয়াজানৰ কমলাবাৰীত সংঘটিত এই ভয়ংকৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটা বাসগৃহৰ বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হৈছে একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ মৃতদেহ। মৃত লোককেইগৰাকী হৈছে চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নিহাৰিকা ভূঞা (Duliajan News)।
সোমবাৰে (১৬ নৱেম্বৰ) সন্ধিয়া নিজ বাসগৃহৰ ভিতৰত পৰিয়ালটোৰ তিনিওগৰাকী সদস্যৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পোহৰলৈ আহে এই ঘটনা। প্ৰাথমিক তথ্য অনুসৰি, ঘৰৰ এটা বন্ধ কোঠাৰ ভিতৰত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ হয় মৃতদেহকেইটা (Duliajan Triple Murder)।
পিতৃ-মাতৃৰ লগতে কন্যা নিহাৰিকাকো হত্যা কৰা হৈছে বুলি সন্দেহ কৰা হৈছে। অৱশ্যে ঘটনাটোৰ আঁৰৰ প্ৰকৃত কাৰণ আৰু মৃত্যুৰ পৰিস্থিতি এতিয়াও স্পষ্ট হোৱা নাই।
ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। কোনে আৰু কি কাৰণত এই ভয়ংকৰ ঘটনা সংঘটিত কৰিলে, সেই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ এনেদৰে ৰহস্যজনক মৃত্যুক লৈ সমগ্ৰ কমলাবাৰী অঞ্চলতে শোক আৰু আতংকৰ পৰিৱেশে বিৰাজ কৰিছে।
লগতে পঢ়ক: Assam Road Accident: কাজিৰঙাৰ পিছত এইবাৰ সোণাৰিৰ বৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা
