Voice of Eastern India

Nagaon bypoll 2026: নগাঁৱত সমাপ্ত ভোটযুদ্ধ, কোনটো সমষ্টিত কিমান শতাংশ ভোটদান?


Nagaon bypoll 2026: নগাঁৱত ভোটযুদ্ধ শেষ, সৰ্বাধিক ভোটদান ক’ত, সৰ্বনিম্ন ক’ত?

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ মঙলবাৰে শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। বিয়লি ৫ বজালৈ সমষ্টিটোৰ মুঠ ১৯.০৫ লাখ ভোটাৰৰ প্ৰায় ৭৬ শতাংশই ভোটদান কৰে বুলি জানিব পৰা গৈছে (Nagaon bypoll 2026)।

অৱশ্যে ভোটদানৰ হাৰ আৰু বৃদ্ধি পাব পাৰে। কাৰণ নিৰ্ধাৰিত সময়ৰ পূৰ্বে ভোটকেন্দ্ৰত প্ৰৱেশ কৰা ভোটাৰসকলক ভোটদানৰ সুযোগ দিয়া হ’ব (Nagaon By election voting)।

পুৱা ৭ বজাৰ পৰা সমষ্টিটোৰ ৮টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ আৰম্ভ হৈছিল। ভোটগ্ৰহণৰ সময়ছোৱাত কোনো ডাঙৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই। কেইটামান ভোটকেন্দ্ৰত ইভিএমত সৰু-সুৰা সমস্যা দেখা দিছিল যদিও সেই মেচিনসমূহ সলনি কৰি অতি সোনকালে ভোটগ্ৰহণ পুনৰ আৰম্ভ কৰা হয়।

৫ বজালৈ চামগুৰিত সৰ্বাধিক ৮০.২২ শতাংশ ভোটদান হয়। আনহাতে, ৰহাত সৰ্বনিম্ন ৭০.২৭ শতাংশ ভোটদান হয়।

বিধানসভা সমষ্টি অনুসৰি ভোটদানৰ হাৰ হৈছে- মৰিগাঁৱত ৭২.৮৪ শতাংশ, নগাঁও-বটদ্ৰৱাত ৭২.০১ শতাংশ, ৰূপহীহাটত ৭৭.৬৭ শতাংশ, ধিঙত ৭৭.৯৩ শতাংশ, জাগীৰোডত ৭৬.৬১ শতাংশ আৰু লাহৰীঘাটত ৭৮.৮৮ শতাংশ।

এই উপ-নিৰ্বাচনত মুঠ ১৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। মূল যুঁজখন বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা আৰু AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ মাজত হোৱাৰ সম্ভাৱনা আছে।

কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে পদত্যাগ কৰাৰ পাছতেই নগাঁও লোকসভা আসনখন খালী হৈছিল। চলিত বছৰৰ অসম বিধানসভা নিৰ্বাচনত বৰদলৈয়ে দিছপুৰ সমষ্টিৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিল।

এই উপ-নিৰ্বাচনৰ ফলাফলে লোকসভাত শক্তিৰ সমীকৰণ সলনি নকৰিলেও বিজেপি, কংগ্ৰেছ আৰু AIUDFৰ বাবে নিৰ্বাচনটো যথেষ্ট গুৰুত্বপূৰ্ণ। উপ-নিৰ্বাচনৰ ভোটগণনা অহা ৯ অক্টোবৰত অনুষ্ঠিত হ’ব।

লগতে পঢ়ক: Mumtaz Begum controversy: মমতাজ বেগমক লৈ কংগ্ৰেছৰ ৰাজনীতি, মুখ্যমন্ত্ৰীৰ দাবী, ‘পুত্ৰই সকলো কথা জানে’



Source link

Leave A Reply

Your email address will not be published.