Nagaon Lok Sabha by-election: নগাঁৱত কাইলৈ ভোটযুদ্ধ, ১৯ লাখ ভোটাৰে নিৰ্ণয় কৰিব ১৫ প্ৰাৰ্থীৰ ভাগ্য।
৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ইতিমধ্যে নিৰ্বাচনক লৈ নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে (Nagaon Lok Sabha by-election)।
নগাঁও লোকসভা সমষ্টিৰ অধীনত মুঠ ১৩টা বিধানসভা সমষ্টি আছে। ইয়াৰে ৮টা নগাঁও জিলাত আৰু ৫টা মৰিগাঁও জিলাত। এই উপ-নিৰ্বাচনত লোকসভা সমষ্টিটোৰ মুঠ ১৯,০২,০০৯গৰাকী ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব (Nagaon bypoll)।
মুঠ ভোটাৰৰ ভিতৰত ৯,৫৮,৫৯৫গৰাকী পুৰুষ আৰু ৯,৪৩,৩৬৪গৰাকী মহিলা ভোটাৰ। তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা- ৫০ গৰাকী। নিৰ্বাচনী তথ্য অনুসৰি, সমষ্টিটোত সংখ্যালঘু মুছলমান ভোটাৰৰ সংখ্যা ১১,১৪,৬৯৫গৰাকী। এয়া মুঠ ভোটাৰৰ ৬০.৩৫ শতাংশ। আনহাতে, হিন্দু ভোটাৰৰ সংখ্যা ৮,৮৭,৩১৪গৰাকী, অৰ্থাৎ ৩৯.৬৫ শতাংশ।
উপ-নিৰ্বাচনৰ বাবে প্ৰথমে মুঠ ২৫গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। মনোনয়ন পৰীক্ষাৰ সময়ত ৭গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হয়। ইয়াৰ পিছত ৩গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। ফলত এতিয়া নিৰ্বাচনী যুঁজত আছে মুঠ ১৫গৰাকী প্ৰাৰ্থী।
এই নিৰ্বাচনত মূল যুঁজখন বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা, AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ মাজত হোৱাৰ সম্ভাৱনা আছে।
ভোটদানৰ বাবে সমষ্টিটোত মুঠ ১,৩৩৯টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে ৯৬৮টা ভোটকেন্দ্ৰ মৰিগাঁও জিলাত অৱস্থিত।
নিৰ্বাচনী দায়িত্বৰ বাবে মুঠ ১১,৫৩৫গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ভোটগ্ৰহণ যাতে শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে সম্পন্ন হয়, তাৰ বাবে ভোটকেন্দ্ৰ, ভোটগ্ৰহণকাৰী কৰ্মী আৰু অন্যান্য প্ৰয়োজনীয় ব্যৱস্থাৰ কাম সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে (Nagaon By election 2026।
