Voice of Eastern India

ৰামানুজ গোস্বামীৰ মৃত্যুক লৈ আৰক্ষীৰ প্ৰথম প্ৰতিক্ৰিয়া


সোমবাৰে পুৱতি নিশা চিকৎসালয়লৈ নিয়াৰ সময়তে মৃত্যুক আঁকোৱালি লোৱা ৰামানুজ গোস্বামীৰ ঘটনাক লৈ আৰক্ষীয়ে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ৰামানুজৰ গোস্বামীৰ মৃত্যুক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে গুৱাহাটী আৰক্ষীয়ে। টাবুৰাম পেগুৱে কৰা মন্তব্য অনুসৰি ৰামানুজক GMCH লৈ নি থকাৰ সময়তে প্ৰথম আৰক্ষীৰ বাহনখন পাংচাৰ হৈছিল।তাৰ পিছত বাহন খন ভাল হোৱাত আকৌ ৰামানুজক লৈ যোৱা হৈছিল। কিন্তু নাৰ্ছিং কলেজৰ ওচৰত ৰামানুজে এজন আৰক্ষী কনিষ্টবলক গুৰিয়াই চলন্ত গাড়ীৰ পৰা জাঁপ মাৰি দিছিল।

আৰক্ষীক গতিয়াই পাহাৰৰ পৰা খাৱৈত জঁপিয়াই পৰিছিল ৰামানুজে।যাৰ ফলত পথত পৰি গুৰুতৰভাৱে আহত হয় ৰামানুজ গোস্বামী। লগে লগে আৰক্ষীৰ দলটোৱে তেওঁক উদ্ধাৰ কৰি GMCH লৈ লৈ যায়। কিন্তু চিকৎসকে তেওঁক মৃত ঘোষণা কৰে বুলিও আৰক্ষী উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে, ৰামানুজ গোস্বামীয়ে নিশা অসুস্থ বুলি আৰক্ষীক জনাইছিল। যাৰ বাবে আৰক্ষীয়ে নিশা তেওঁক চিকৎসালয়লৈ লৈ গৈছিল।দুৰ্ঘটনাটোৰ সময়ত ৰামানুজে মুৰত আৰু ভঁৰিত আঘাত পাইছিল।

লগতে পঢ়ক: ‘আৰক্ষীৰ গুলীত নহয় দুৰ্ঘটনাত মৃত্যু হৈছিল ৰামানুজৰ’; GMCH অধীক্ষকৰ মন্তব্য  



Source link

Leave A Reply

Your email address will not be published.