নৱনিৰ্মিত অভাৰব্ৰিজখনে ঐতিহাসিক চহৰ যোৰহাটৰ এটা গুৰুত্বপূৰ্ণ যানজঁটপ্ৰৱণ স্থানত যানজঁট হ্ৰাস কৰাত সহায় কৰিব
দেওবাৰে যোৰহাটৰ চিনামৰাত এখন নৱনিৰ্মিত ৰে’লৱে অভাৰব্ৰিজ উদ্বোধন কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ সংযোগ ব্যৱস্থা উন্নত কৰা আৰু ৰে’লৱে ক্ৰছিংসমূহ যান-বাহনৰ চলাচলৰ বাবে বাধামুক্ত কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই অভাৰব্ৰিজ নিৰ্মাণ কৰা হৈছে (Jorhat Railway Overbridge)।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বিগত কেইবা দশক ধৰি অসম সংযোগ ব্যৱস্থাৰ ক্ষেত্ৰত পিছ পৰি আছিল। ফলত উন্নয়নৰ সুফল ৰাইজৰ ওচৰলৈ ফলপ্ৰসূভাৱে নপৰিছিল। এতিয়া ৰাজ্য চৰকাৰে এই ব্যৱধান দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু অসমৰ পৰৱৰ্তী পৰ্যায়ৰ উন্নয়নৰ ভেটি হিচাপে সংযোগ ব্যৱস্থাক গঢ়ি তোলাৰ লক্ষ্য লৈছে (Jorhat Overbridge)।
তেওঁ কয় যে এই অভাৰব্ৰিজে যোৰহাটৰ ৰাইজৰ যাতায়াত অধিক সহজ কৰি তুলিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নৱনিৰ্মিত অভাৰব্ৰিজখনে ঐতিহাসিক চহৰ যোৰহাটৰ এটা গুৰুত্বপূৰ্ণ যানজঁটপ্ৰৱণ স্থানত যানজঁট হ্ৰাস কৰাত সহায় কৰিব। ইয়াৰ ফলত যাত্ৰী আৰু যান-বাহনৰ চলাচল অধিক সুচল হ’ব (Assam infrastructure development)।
তেওঁ আৰু কয় যে ৰে’লৱে ক্ৰছিঙৰ বাবে সৃষ্টি হোৱা যান-বাহনৰ বাধা দূৰ কৰি নিৰৱচ্ছিন্ন যাতায়াত নিশ্চিত কৰাৰ বৃহত্তৰ প্ৰচেষ্টাৰ অংশ এই প্ৰকল্প। ৰাজ্য চৰকাৰে এনে বাধামুক্ত যাতায়াতক ব্যতিক্ৰম নহয়, বৰং স্বাভাৱিক ব্যৱস্থা হিচাপে গঢ়ি তুলিবলৈ কাম কৰি আছে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অসমৰ বিভিন্ন চহৰ, নগৰ আৰু গাঁৱত দলং তথা সংযোগ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ জৰিয়তে যাতায়াত ব্যৱস্থা শক্তিশালী কৰাৰ লগতে উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে।
লগতে পঢ়ক: “আমাৰ সম্পৰ্ক ৰাজনৈতিক মতভেদৰ উৰ্ধত”; ছিদ্দিক আহমেদৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ
