পুনৰ কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমত ২০ বছৰলৈ
শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। কাৰ্যনিৰ্বাহকৰ পূৰ্বে মন্ত্ৰী-বিধায়কৰ সৈতে বৈঠক মিনিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া।
কাৰ্যনিৰ্বাহক সভাৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছক কটাক্ষ কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অহা ২০ বছৰলৈ অসমত কংগ্ৰেছ নাহে। এইবাৰৰ বিধানসভাৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছ যে সাংঘাটিক ভাৱে পুনৰুজ্জীৱিত হ’ব পাৰিব সেই কথা মই নাভাবো। সেই কাৰণে হতাশাত ভুগি কংগ্ৰেছৰ সকলো কাৰ্যকৰ্তাই বিজেপিত যোগদান কৰাটো স্বাভাৱিক কথা। কংগ্ৰেছ যে অসমত আকৌ ঘূৰি আহিব সেই কথা মই নাভাবো।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, কংগ্ৰেছৰ কিছু কিছু অঞ্চলত ভোট আছে আৰু তাতেই তেওঁলোক সীমিত থাকিব। কংগ্ৰেছৰ দলত এতিয়া সেনাপতি হে আছে কিন্তু সৈন্য নাই।তাৰ পিছটো তেওঁলোকে কিয় নিজৰ মানুহক গালি-গালাজ পাৰিছে সেয়া মই ক’ব নোৱাৰো।
