Voice of Eastern India

উৎকট গৰমৰ মাজতে মহানগৰীত প্ৰচণ্ড বৰষুণ; কৃত্ৰিম বান


হঠাৎ অহা এজাক বৰষুণৰ পিছতে এতিয়া মহানগৰীত হাহাকাৰ অৱস্থা। প্ৰচণ্ড বৰষুণৰ ফলত ঠায়ে ঠায়ে কৃত্ৰিম বান।

উৎকট গৰমৰ মাজতে মহানগৰবাসীলৈ কিছু সকাহ। হঠাৎ অন্ধকাৰাচ্ছন্ন হৈ আহিল মুষলধাৰ বৰষুণ। প্ৰচণ্ড বৰষুণৰ পিছতেই গুৱাহাটী মহানগৰীত ভয়ংকৰ কৃত্ৰিম বান। প্ৰচণ্ড বৰষুণ, কৃত্ৰিম বানত হাহাকাৰ অৱস্থা। বিজুলী-ঢেৰেকণিৰে মহানগৰীত প্ৰচণ্ড বৰষুণৰ তাণ্ডৱ। বৰষুণৰ পিছতেই এতিয়া মহানগৰীৰ কেইবাটাও অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে।

কৃত্ৰিম বানত ৰাষ্ট্ৰীয় ঘাইপথ বুৰ যোৱাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। নিশাৰ ভাগলৈ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ আশংকাই দেখা দিছে। ইফালে বতৰ বিজ্ঞান বিভাগে বিজুলী-ঢেৰেকনিৰ সৈতে গুৱাহাটী মহানগৰী আৰু উপকণ্ট অঞ্চলৰ বাবে মজলীয়াৰ প্ৰৱল বৰষুণৰ সতৰ্কতা জাৰি কৰিছে।  

লগতে পঢ়ক: মহানগৰীত প্ৰচণ্ড বৰষুণ, জুবিন ক্ষেত্ৰৰ সন্মুখতো কৃত্ৰিম বান



Source link

Leave A Reply

Your email address will not be published.