Voice of Eastern India

১৯ ছেপ্টেম্বৰক লৈ গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য


হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰথম বাৰ্ষিক মৃত্যু তিথিৰ নীতি নিয়ম ১৩ মাহতহে পালন কৰা হ’ব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ১১ মহীয়া তিথি উপলক্ষ্যে জুবিন গাৰ্গে খাই ভাল পোৱা ৰুটি আৰু মাছ ভাজি বনালে পত্নী গৰিমা শইকীয়া গাৰ্গে।

হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ এঘাৰমহীয়া তিথিত প্ৰিয়জনৰ কথা কৈ পুনৰ আৱেগিক হৈ পৰিল গৰিমা শইকীয়া গাৰ্গ।জুবিন গাৰ্গৰ প্ৰথম বাৰ্ষিক মৃত্যু তিথি উপলক্ষে পত্নী গৰিমা শইকীয়া গাৰ্গে কয় যে, ১৭ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া স্মৰণীয় কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। সোণাপুৰৰ জুবিন ক্ষেত্ৰত ১৭ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈকে ভাগৱত নাম,ভাওনা প্ৰদৰ্শনকে ধৰি বহু অনুষ্ঠান অনুষ্ঠিত হ’ব।

পত্নী গৰিমা শইকীয়া গাৰ্গে জনায় যে ১৭ ছেপ্টেম্বৰৰ দিনটো ‘জুবিন দিৱস’ হিচাপে পালন কৰা হ’ব আৰু এই কাৰ্যসূচী বিয়লি আনুমানিক ৫-৫.৩০ বজালৈকে চলিব। তেওঁ কয় যে জুবিনে বৰ অসমৰ পৰিকল্পনা কৰিছিল। জুবিনে ভবাৰ দৰেই সকলো লোকেই নিজৰ ধৰণেৰে প্ৰাৰ্থনা, গীত-সংগীত বা শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। সকলো লোকে নিজৰ ধৰণে প্ৰাৰ্থনা কৰিব পাৰিব, গান গাব পাৰিব, সংগীত বজাব পাৰিব বা শোক প্ৰকাশ কৰিব পাৰিব।

তেওঁ লগতে কয় যে, সাংস্কৃতিক মন্ত্ৰী বিমল বৰাইও আমাক চৰকাৰৰ পৰা সকলো সহায়ৰ আশ্বাস প্ৰদান কৰিছে। তেওঁ লগতে কয় যে, তিথিটো নিমিলাৰ বাবে ১৩ মাহতহে ১২ মাহৰ নীতি নিয়ম সমূহ পালন কৰা হ’ব। ১৮ ছেপ্টেম্বৰৰ কাৰ্যসূচী পুৱা প্ৰায় ৯ বজাৰ পৰা আৰম্ভ হ’ব আৰু সাংস্কৃতিক অনুষ্ঠানসমূহ গোটেই দিনটো চলি বিয়লি প্ৰায় ৬-৭ বজালৈকে অব্যাহত থাকিব। ১৯ ছেপ্টেম্বৰত দিনটোৰ ভিতৰত ভাগৱত নাম আৰু অন্যান্য ধাৰ্মিক কাৰ্যসূচী অনুষ্ঠিত হ’ব। সন্ধিয়া প্ৰায় ৬.৩০ বজাত ভাওনা প্ৰদৰ্শন আৰম্ভ হ’ব আৰু ৰাতি প্ৰায় ৯-৯.৩০ বজালৈকে চলিব।

ইফালে, অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই বিষয়া আৰু অন্যান্য সদস্যসকলক লগত লৈ ৮ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ ষ্টুডিঅ’ পৰিদৰ্শন কৰে আৰু পৰিয়ালৰ সৈতে তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰে।

লগতে পঢ়ক: শতবাৰ্ষিকীত সুধাকণ্ঠক সুঁৱৰিলে গুৱাহাটী বিমানবন্দৰে



Source link

Leave A Reply

Your email address will not be published.