Voice of Eastern India

সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহৰ ক্ৰয় কৰিব অসম চৰকাৰে


ভূপেন হাজৰিকাৰ স্মৃতি জড়িত কলকাতাৰ ঘৰ সংৰক্ষণৰ উদ্যোগ অসম চৰকাৰৰ

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীত তেখেতৰ কলকাতাস্থিত বাসগৃহটো সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীলৈ এখন পত্ৰ লিখি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ কলকাতাস্থিত প্ৰাক্তন বাসগৃহটো অসম চৰকাৰে ক্ৰয় কৰাৰ ক্ষেত্ৰত হস্তক্ষেপ কৰি সহায় কৰিবলৈ অনুৰোধ জনাইছে (Bhupen Hazarika Kolkata Residence)।

৪ ছেপ্টেম্বৰত লিখা পত্ৰখনত মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে যে কলকাতাৰ টালিগঞ্জস্থিত ৭৭বি, গল্ফ ক্লাব ৰোডৰ এই সম্পত্তিটোৰ অসমৰ লগতে পশ্চিমবংগৰ বাবেও অপৰিসীম সাংস্কৃতিক আৰু ঐতিহাসিক গুৰুত্ব আছে। কাৰণ, ভূপেন হাজৰিকাই তেওঁৰ সৃষ্টিশীল জীৱনৰ এক উল্লেখযোগ্য সময় এই স্থানতে অতিবাহিত কৰিছিল (Assam West Bengal Cultural Ties)।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কিংবদন্তি শিল্পীগৰাকীয়ে কলকাতাৰ এই ঠিকনাত থকাৰ সময়তে তেওঁৰ বহু ‘অমৰ, কালজয়ী সৃষ্টি’ৰ জন্ম হৈছিল।

এই বাসগৃহটোৰ সৈতে অসমৰ জনসাধাৰণৰ আৱেগিক সম্পৰ্কৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰে ঘৰটো ক্ৰয় কৰি সংৰক্ষণ কৰাৰ লগতে ঐতিহ্যক্ষেত্ৰ হিচাপে ইয়াৰ উন্নয়ন কৰিবলৈ আগ্ৰহী।

পত্ৰখনত মুখ্যমন্ত্ৰী শৰ্মাই লিখে, “মই আপোনাৰ সন্মানীয় কাৰ্যালয়ক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই সম্পত্তিটো ক্ৰয়ৰ ক্ষেত্ৰত অনুগ্ৰহ কৰি সহায় কৰক। ইয়াৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা আমাৰ ফালৰ পৰা সম্পূৰ্ণ কৰা হ’ব।”

ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে চলি থকা বছৰজোৰা উদযাপনৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ ব্যক্তিগত হস্তক্ষেপো কামনা কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (Bhupen Hazarika Birth Centenary)।

ড০ শৰ্মাই কয় যে দেশৰ প্ৰতি ভূপেন হাজৰিকাৰ অপৰিসীম অৱদান আৰু অসম তথা পশ্চিমবংগৰ মাজৰ সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ বিশেষভাৱে তাৎপৰ্যপূৰ্ণ।

ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন আৰু কিংবদন্তি শিল্পীগৰাকীৰ জীৱন তথা সৃষ্টিশীল যাত্ৰাৰ সৈতে জড়িত স্থানসমূহ সংৰক্ষণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ মাজতে এই পত্ৰখন প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে।

বৰেণ্য ব্যক্তিত্ব ড০ ভূপেন হাজৰিকাৰ কলকাতাৰ সৈতে আছিল গভীৰ সম্পৰ্ক। তেওঁৰ শিল্পী জীৱনৰ কেইবাটাও সৃষ্টিশীল আৰু গুৰুত্বপূৰ্ণ বছৰ কলকাতাত অতিবাহিত কৰিছিল।

লগতে পঢ়ক: সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ





Source link

Leave A Reply

Your email address will not be published.