শেষ হ’ল এটা যুগ! মেছিৰ অৱসৰত হিমন্ত বিশ্ব শৰ্মাৰ আৱেগিক বাৰ্তা
আন্তঃৰাষ্ট্ৰীয় ফুটবলক বিদায় জনালে ফুটবলৰ মহাতাৰকা লিয়নেল মেছিয়ে। সোমবাৰে ফুটবল সম্ৰাটগৰাকীয়ে সামাজিক মাধ্যমযোগে অৱসৰ ঘোষণা কৰাৰ পিছতে আবেগিক হৈ পৰে তেখেতৰ অগণিত অনুৰাগী। ৩৯ বছৰীয়া মেছিয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰাৰ লগে লগে আৰ্জেণ্টিনাৰ হৈ তেওঁৰ এক অসাধাৰণ অধ্যায়ৰ অন্ত পৰে (Lionel Messi Retirement)।
আৰ্জেণ্টিনাৰ ফুটবল তাৰকাগৰাকীয়ে অৱসৰ ঘোষণা কৰাৰ পিছতে আৱেগিক হৈ পৰে মহাতাৰকাগৰাকীৰ অনুৰাগী তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Lionel Messi Argentina)।
মেছিৰ এই সিদ্ধান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “এটা যুগৰ অন্ত পৰিল। প্ৰতিটো যাদুকৰী মুহূৰ্তৰ বাবে ধন্যবাদ, লিঅ’।”
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰ্জেণ্টিনাৰ মহাতাৰকাগৰাকীৰ খেল উপভোগ কৰাটো এক সৌভাগ্যৰ বিষয় আছিল বুলি উল্লেখ কৰাৰ লগতে মেছিৰ অৱসৰৰ ঘোষণাত বিশ্বজুৰি অনুৰাগীসকলৰ মাজত সৃষ্টি হোৱা দুখৰ কথাও প্ৰকাশ কৰে (Messi International Retirement)।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-“আজি প্ৰতিগৰাকী অনুৰাগীৰ দৰেই মোৰো হৃদয় ভাঙি পৰিছে। মই জানো, মোৰ সমগ্ৰ পৰিয়ালেও এই দুখ অনুভৱ কৰিব,” । লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেছিক “জীৱনজোৰা GOAT (সৰ্বকালৰ শ্ৰেষ্ঠ)” বুলি অভিহিত কৰে।
উল্লেখ্য যে, সোমবাৰে ইনষ্টাগ্ৰামত এক পোষ্টযোগে মেছিয়ে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰীয় দলৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত ঘোষণা কৰে। তেওঁ কয় যে এই সিদ্ধান্ত লোৱাটো যন্ত্ৰণাদায়ক আছিল যদিও নতুন প্ৰজন্মৰ খেলুৱৈসকলক সুযোগ দিয়াৰ বাবে এইটোৱেই উপযুক্ত সময় বুলি তেওঁ অনুভৱ কৰিছে।
লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় ফুটবলক বিদায় মেছিৰ! ভাৰাক্ৰান্ত মনেৰে ল’লে অৱসৰৰ কঠিন সিদ্ধান্ত
